ৰাজনৈতিক যুগৰ অৱসান ঘটাই মৃত্যু হ’ল প্ৰাক্তন ৰাষ্ট্ৰপতি প্ৰণৱ মুখাৰ্জীৰ

aa Cover qo4lkc94037m2ug36rq5r9q8a6 20200810135729.Medi

প্ৰাক্তন ৰাষ্ট্ৰপতি প্ৰণৱ মুখাৰ্জীৰ মৃত্যুৰ লগে লগে ভাৰতীয় ৰাজনীতিৰ এটা যুগৰ অৱসান ঘটিল ৷ প্ৰায় এমাহ ধৰি আৰ্মী হাস্পতালত চিকিৎসাধীন হৈ থকা প্ৰণৱ মুখাৰ্জী শেহতীয়াকৈ আক্ৰান্ত হয় ক’ভিড-১৯ত । ইয়াৰ পিছত প্ৰাক্তন ৰাষ্ট্ৰপতি গৰাকীৰ মগজুৰ এটা অস্ত্ৰোপচাৰ কৰা হয় ।

হস্পিতাল কৰ্তৃপক্ষই ইতিমধ্যে ৰাষ্ট্ৰপতি গৰাকীৰ স্বাস্থ্যৰ ক্ৰমাৎ অৱনতি হোৱাৰ কথা জনায় ৷ আৰু আজি ৮৪ বছৰ বয়সত মৃত্যু হয় ৰাষ্ট্ৰপতিগৰাকীৰ ৷ ভাৰতীয় ৰাজনীতিত বিৰোধীয়েও প্ৰণৱ মুখাৰ্জীৰ নাম সন্মানেৰে লয়।

১৯৩৫ৰ ১১ ডিচেম্বৰত পশ্চিম বংগৰ মিৰাতী গাঁৱত জন্ম গ্ৰহণ কৰা প্ৰণৱ মুখাৰ্জী আছিল সকলোৰে আদৰৰ ৷ ক্লাৰ্ক আৰু শিক্ষকৰ পৰা ৰাষ্ট্ৰপতি হোৱা সময়লৈকে কৰা প্ৰণৱ মুখাৰ্জী জীৱন বহু প্ৰত্যাহ্বানেৰে ভৰপূৰ ।

প্ৰণৱ মুখাৰ্জীৰ জীৱনলৈ তিনিবাৰ প্ৰধানমন্ত্ৰী হ’বলৈ সুযোগ আহিছিল যদিও তেওঁ প্ৰধানমন্ত্ৰী হ’ব নোৱাৰিলে। কাৰণ প্ৰধানমন্ত্ৰীৰ পদৰ কাৰণে প্ৰণৱ মুখাৰ্জী কিমান উপযুক্ত আছিল সেয়া প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিঙৰ এটি ভাষ্যৰ পৰাই অনুমান কৰিব পাৰি ।

মনমোহন সিঙে কৈছিল “যেতিয়া মই প্ৰধানমন্ত্ৰী হৈছিলো, তেতিয়া প্ৰণৱ মুখাৰ্জী এই পদটোৰ কাৰণে বেছি উপযুক্ত আছিল । কিন্তু মই একো কৰিব নোৱাৰিলো । কাৰণ মোক কংগ্ৰেছৰ সভানেত্ৰী ছোনিয়া গান্ধীয়ে নিৰ্বাচিত কৰিছিল ৷

ইফালে প্ৰণৱ মুখাৰ্জীৰ মৃত্যুত ৰাষ্ট্ৰপতি ৰামনাথ কোৱিন্দ, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী সকলোৱে দুখ প্ৰকাশ কৰিছে ৷ ৰামনাথ কোৱিন্দে টুইটাৰ যোগে প্ৰকাশ কৰে “প্ৰাক্তন ৰাষ্ট্ৰপতি প্ৰণৱ মুখাৰ্জীৰ দেহাৱসানৰ খবৰ শুনি আঘাত পালো। তেওঁৰ দেহাৱসান এটা যুগৰ পৰিসমাপ্তি। প্ৰণৱ মুখাৰ্জী পৰিয়াল বৰ্গলৈ লগতে দেশবাসীলৈ শ্ৰদ্ধাঞ্জলী জ্ঞাপন কৰিছো  ৷”

আনহাতে প্ৰণৱ মুখাৰ্জীক বিগত বৰ্ষত ভাৰত ৰত্ন লাভ কৰিছিল। ১৯৬৯ ত প্ৰথম ৰাজনীতিত খোজ দিয়া প্ৰণৱ মুখাৰ্জীৰ পৰিপক্কতাৰ কাৰণে ইন্দিৰা গান্ধীয়ে তেওঁক দলত যোগাদান কৰায়। ইয়াৰ পিছত ১৯৭৫, ১৯৮১, ১৯৯৩ আৰু ১৯৯৯ ত ৰাজ্যসভালৈ নিৰ্বাচিত হয়।

Exit mobile version