অসম আৰক্ষীয়ে ড্ৰাগছৰ বিৰুদ্ধে জেহাদ ঘোষণা কৰিছেঃ ভাস্কৰজ্যোতি মহন্ত

Screenshot 36

অসম আৰক্ষীয়ে প্ৰতিটো কাৰ্য সম্পাদন কৰিছে । অৱশ্যে কেতিয়াবা বিভিন্ন কাৰণত কিছু পলম হ’ব পাৰে । কিন্তু অসম আৰক্ষীৰ সক্ৰিয়তা নুই কৰিব নোৱাৰি আজি অসমৰ শেহতীয়া পৰিস্থিতিৰ সন্দৰ্ভত এখন সংবাদমেল সম্বোধন কৰি এই মন্তব্য কৰে অসম আৰক্ষীৰ সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তই ।

শেহতীয়াকৈ ড্ৰাগছৰ বিৰুদ্ধে অসম আৰক্ষী অধিক সক্ৰিয়তাৰ কথা সদৰী কৰি ভাস্কৰজ্যোতি মহন্তই কয় যে অসম আৰক্ষীয়ে ড্ৰাগছৰ বিৰুদ্ধে জেহাদ ঘোষণা কৰিছে ৷ ইতিমধ্যে ড্ৰাগছৰ বিৰুদ্ধে অভিযান চলাই অসম আৰক্ষীয়ে চলিত বৰ্ষৰ ২৬ জুনৰ পৰা আজিলৈকে ৬০১ টা কেছ দাখিল কৰাৰ উপৰিও ১০০০ তকৈ অধিক লোকক গ্ৰেপ্তাৰ কৰিছে অসম আৰক্ষীয়ে ।

আনহাতে হেৰ’ইনৰ ৯-১০ খন বাহন জব্দ হোৱা লগতে কফ চিৰাফ জব্দ হয় প্ৰায় ৫০ হাজাৰ ৷ ইপিনে ম্যানমাৰত প্ৰডাকচন হোৱা টেবলেটো জব্দ হয় এই সময়ত । ২৬ জুনৰ পৰা ৩০ আগষ্টলৈকে ড্ৰাগচৰ লগত জড়িত লোকসকলৰ গ্ৰেপ্তাৰৰ সংখ্যা বাঢ়িছে ৷ ইয়াৰ দ্বাৰা অসম আৰক্ষীৰ সক্ৰিয়তাৰ কথা প্ৰমাণিত হয় ৷ অৰ্থাৎ পূৰ্বতকৈ ২৬ জুনৰ পৰা ৩০ আগষ্টৰ ভিতৰত ড্ৰাগছৰ বিৰুদ্ধে সক্ৰিয়তা ৪৬.১৩শতাংশ বৃদ্ধি পাইছে ।

অসম আৰক্ষীয়ে সকলো অপৰাধীক কৰায়ত্ত কৰিব পৰা নাই যদিও সম্প্ৰতি ড্ৰাগছৰ লগত জড়িত নেটৱৰ্ক ধ্বংস হৈ পৰিছে । অসম আৰক্ষীৰ অত্যাধিক সক্ৰিয়তাৰ কাৰণে SI, SP লৈকে সকলোকে বিশেষ ট্ৰেইনিঙৰ ব্যৱস্থ কৰা হৈছে ৷ ইফালে CIDৰ অধীনত অসম আৰক্ষীৰ বিশেষ দল গঠন কৰা হৈছে। এই ক্ষেত্ৰত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে সহায় কৰিছে ৷ লগতে মহানগৰ আৰক্ষীকো ধন্যবাদ জ্ঞাপন কৰে ভাস্কৰজ্যোতি মহন্তই ।

আনহাতে ৰাজ্যত গণ প্ৰহাৰৰ সন্মুখীন হৈ সনাতন ডেকা, দেৱাশীষ গগৈ আৰু ঋতুপৰ্ণ পেগুৰ সন্দৰ্ভত চাৰ্জছীট দাখিল কৰা হৈছে ৷ সকলো অভিযুক্তৰ বিৰুদ্ধে বিহীত ব্যৱস্থা ল’ব বুলি জনায় অসম আৰক্ষীৰ সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তই ।

বিগত সময়ত BTADৰ পৰা একেৰাহে উদ্ধাৰ হোৱা মাৰণাস্ত্ৰৰ সন্দৰ্ভত অনাগত সময়তো অভিযান অব্যাহত থাকিব ৷ কৰ’নাৰ সময়ত প্ৰায় ১৪০ টা মাৰণাস্ত্ৰৰ লগতে আন বহু অস্ত্ৰ-শস্ত্ৰ উদ্ধাৰ কৰে অসম পুলিচে । নাগালেণ্ড সীমান্তত অধিক সাৱধানতা অৱলম্বন কৰিব অসম আৰক্ষীয়ে ৷ ইয়াৰ কাৰণে ভাৰতীয় সেনা আৰু অসম পুলিচৰ যুটীয়া অভিযান আৰম্ভ কৰিব ৷

উল্লেখযোগ্য যে অসম আৰক্ষীৰ সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তই ড্ৰাগছৰ লগত জড়িত লোকসকলক সাৱধান হ’বলৈ কয় । লগতে অনাগত সময়ত অসমবাসীয়ে অসম আৰক্ষীৰ ফালৰ পৰা দিয়া এটি গোপন নম্বৰৰ পৰা যিকোনো সময়তে ড্ৰাগছৰ অবৈধ সৰবৰাহৰ তথ্য দিব পাৰিব বুলি সদৰী কৰে । সংবাদমেলৰ জৰিয়তে সকলো অসমবাসীৰ সহযোগিতা বিচাৰে ৷

Exit mobile version