আইপিএলৰ প্ৰস্তুতিঃ কৰ’না টেষ্টৰ নামত বিচিচিআইয়ে ব্যয় কৰিব ১০ কোটি

unnamed 6

ভাৰতীয় ক্ৰিকেট কন্ট্ৰ’ল বৰ্ডে আইপিএলৰ সময়ত ২০,০০০ কৰ’না টেষ্ট কৰাৰ প্ৰস্তুতি কৰিছে ৷ ইয়াৰ কাৰণে বিচিচিআইয়ে ১০ কোটি টকা ব্যয় কৰিব ৷ আনহাতে আইপিএলৰ সময়ত ৫দিনৰ অন্তৰে অন্তৰে প্ৰতি জন খেলুৱৈৰ কৰ’নাৰ টেষ্ট হ’ব  ৷ ইফালে আইপিএলত অংশ ল’ব লগীয়া সকলো দলৰ UAE ত কোৱাৰেন্টাইন সময়সীমা ইতিমধ্যে শেষ হৈছে ।

আনহাতে চেন্নাই চুপাৰ কিংচ (CSK)ৰ ২দুজন খেলুৱৈৰ লগতে অন্য ১৩ জন লোক আক্ৰান্ত হৈছে কৰ’নাত । অৱশ্যে বাকী সকলোৰে কৰ’নাৰ টেষ্ট নিগেটিভ আহিছে ৷ আইপিএলৰ এক বিশেষ সূত্ৰৰ মতে UAIৰ বিপিএছ কোম্পানীৰ লগত বিচিচিআইয়ে চুক্তিবদ্ধ হৈছে । বিপিএছ কোম্পানীয়ে প্ৰায় ২০,০০০ কৰ’না টেষ্ট কৰিব। প্ৰতিটো টেষ্টত ব্যয় হ’ব প্ৰায় ৩,৯৭১ টকা ৷

লগতে কোম্পানীটোৱে আইপিএলৰ সময়ত কৰ’না টেষ্টৰ কাৰণে প্ৰায় ৭৫ জন স্বাস্থ্য কৰ্মীক নিযুক্তি দিব ৷ ইয়াৰে ২৫ জন থাকিব লেবত আৰু অন্য ৫০ জনে খেলুৱৈসকলৰ স্বাস্থ্যৰ প্ৰতি নজৰ ৰাখিব । আনহাতে CSK ৰ কৰ’নাত আক্ৰান্ত ১৩ জন লোকৰে দ্বিতীয়বাৰৰ পৰীক্ষাত কৰ’নাৰ নিগেটিভ আহিছে । এই কথা জনায় আই পি এলৰ CEOকে এচ বিশ্বনানে ।

লগতে বিশ্বনাথনে কয় যে প্ৰথমতে কৰ’না পজিটিভ পোৱা সকলক ১৪ দিনৰ কাৰণে কোৱাৰেন্টাইন কৰা হৈছিল । এই সকলোৰে পুনৰ ৩ ছেপ্তেম্বৰত কৰ’না পৰীক্ষা কৰা হ’ব । ইয়াৰ পিছতহে তেওঁলোকে অনুশীলন আৰম্ভ কৰিব । ইফালে শেহতীয়াকৈ CSKৰ কেপ্তেইন সুৰেশ ৰাইনাও টুৰ্ণামেণ্ট এৰি ভাৰতলৈ আহে।

Exit mobile version