কৰ’নাৰ প্ৰভাৱঃ নিবনুৱা সংখ্যা ২৭ লাখলৈ বৃদ্ধিৰ আশংকা

Amidst Lockdown Assams Unemployment Scenario Loud Clear Thousands Gather to Apply for Temp Jobs in Guwahati

ক’ভিড-১৯ য়ে সমগ্ৰ বিশ্বৰ অৰ্থ ব্যৱস্থা তথা মানুহৰ জীৱন ধাৰণৰ ওপৰত ভয়াৱহ প্ৰভাৱ পেলাইছে । অসমো ইয়াৰ ব্যতিক্ৰম নহয়। আগন্তুক দিনত অসমৰ ওপৰত ইয়াৰ প্ৰভাৱ হ’ব অতি ভয়াৱহ ।

বিশেষকৈ দৰিদ্ৰতা আৰু সংস্থাপনহীনতাই ৰাজ্যখনক কোঙা কৰিব বুলি স্বয়ং অসম চৰকাৰৰ প্ৰতিবেদনতে গভীৰ আশংকা ব্যক্ত কৰা হৈছে । কৰ’নাই অসমৰ ওপৰত পেলোৱা প্ৰভাৱৰ সন্দৰ্ভত ৰাজ্য চৰকাৰৰ সংস্থা ষ্টেট ইন’ভেচন এণ্ড টেন্সফৰ্মমেচন আয়োগ”(ছিটা)য়ে যুগুত কৰা এখন প্ৰতিবেদন অসম বিধানসভাত দাখিল কৰা হয় ।

প্ৰতিবেদনত উল্লেখ কৰা হৈছে অসমত কৰ’না কেন্দ্ৰিক পৰিস্থিতিৰ পূৰ্বৰে পৰা নিবনুৱা সমস্যাই জটিল ৰূপ ধাৰণ কৰি আহিছে ৷ বিগত ২০১৩-১৪ ৰ পৰা ২০১৭-১৮ৰ ভিতৰত অসমত নিবনুৱা সংস্থাপনহীন লোকৰ হাৰ ২.৯ৰ পৰা ৭.৯ শতাংশলৈ বৃদ্ধি হয় । ক’ভিড-১৯ ৰ বাবে বলবৎ কৰা তলাবন্ধই এই হাৰ অধিক বৃদ্ধি কৰাটো নিশ্চিত ।

ক’ভিড-১৯ৰ প্ৰভাৱ ৰাজ্যখনৰ স্ব নিৰ্ভৰশীল, মজুৰি নিৰ্ভৰশীল আৰু অস্থায়ী শ্ৰমিকসকলৰ ওপৰত সৰ্বাধিক পৰাটো নিশ্চিত। অসমত স্বনিৰ্ভৰশীল লোকৰ হাৰ গ্ৰামাঞ্চলত ৫৫ শতাংশ আৰু নগৰ অঞ্চলত ৪৫ শতাংশ ।কৃষি পশুপালন আৰু খুচুৰা ব্যৱসায়ত ইয়াৰ অধিক সংখ্যক লোক জড়িত হৈ আছে ৷ অকল কৃষি খণ্ডতে স্ব নিৰ্ভৰশীল লোকৰ সংখ্যা ২০ লাখ। কৰ’নাৰ বাবে কৃষি উৎপাদনত মাধমাৰ পৰিছে। ইয়াৰ প্ৰভাৱ পৰিছে ইয়াৰ স’তে জড়িত লোকৰ ওপৰত ৷

আনহাতে অনাকৃষি কাৰ্যত স্বনিৰ্ভৰশীল লোকৰ সংখ্যা হ’ল অসমত কমেও ৩৬ লাখ ৷ তাৰে ৮০ শতাংশই অসংগঠিত লোক ৷ তলাবন্ধ আৰু কৰ’নাৰ বাবে এইসকল লোকৰ বৃহৎ অংশ কৰ্মহীন হৈ পৰে ৷ এই সকলোবোৰক ধৰি প্ৰতিবেদনত অসমত অতিৰিক্তভাৱে ১৫.০৭ৰ পৰা ২০.০১ লাখ লোক নিবনুৱা হ’ব বুলি আশংকা ব্যক্ত কৰা হৈছে । ইয়াৰ ফলত সংস্থাপনহীনতাৰ হাৰ বৰ্তমানৰ ১৬ৰ পৰা ২৭ শতাংশলৈ বৃদ্ধি হ’ব পাৰে ।

 

Exit mobile version