- অসমত পুনৰ ৩২৬৬ গৰাকী লোকৰ শৰীৰত ক’ৰ’না ভাইৰাছৰ উপস্থিতি ধৰা পৰে । ইয়াৰ লগে লগে ৰাজ্যত ক’ৰ’না আক্ৰান্ত লোকৰ সংখ্যা ১,০৯,০৪০ গৰাকীলৈ বৃদ্ধি পালে । ৰাজ্যত বৰ্তমানলৈ কৰ’নাত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা ৩০৬জনলৈ বৃদ্ধি পালে।
- আজিৰে পৰা আৰম্ভ হৈছে আনলক-৪ ৷ গতিকে কন্টেইনমেন্ট জ’ন বাদ দি বাকীবোৰ এলেকাত প্ৰায় সামান্য হৈছে পৰিস্থিতি । প্ৰদান কৰা হৈছে বহুখিনি শিথিলতাও । যান-বাহন চলাচল পুনৰ আৰম্ভ কৰাৰ লগতে প্ৰায়ভাগ কাৰ্যালয়ো খুলি দিয়া হৈছে।
- দেশৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ভাৰতৰত্ন প্ৰণৱ মুখাৰ্জীৰ মৃত্যুত দেশজুৰি সাত দিনীয়া ৰাষ্ট্ৰীয় শোক ঘোষণা কৰিছে কেন্দ্ৰীয় চৰকাৰে । এই সময়ছোৱাত কোনোধৰণৰ বিনোদনমূলক কাৰ্য্যসূচী অনুষ্ঠিত কৰিব নোৱাৰিব ৷ উল্লেখ্য যে ভাৰতৰ প্ৰাক্তন ৰাষ্ট্ৰপতি গৰাকীয়ে সোমবাৰে সন্ধিয়া ৮৪ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে।
- কোৰোনা মহামাৰীৰ সময়ত ৰাজ্যৰ ছাত্ৰ-ছাত্ৰীয়ে যাতে অত্যাধিক চাপ নাপায় তাৰ প্ৰতি লক্ষ্য ৰাখি ২০২১ বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ৩০ শতাংশ ছিলেবাছ হ্ৰাস কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ছেবাই । ছেবাৰ অধ্যক্ষ ৰমেশ চন্দ্ৰ জৈনে সংবাদমাধ্যমৰ আগত এই কথা সদৰী কৰে ৷
- শিক্ষকসকলৰ বাবে শিক্ষা বিভাগৰ গুৰুত্বপূৰ্ণ নিৰ্দেশনা৷১ ছেপ্টেম্বৰৰ পৰিৱৰ্তে ২১ ছেপ্টেম্বৰৰ পৰাহে যাব লাগিব শিক্ষানুষ্ঠানলৈ যাব লাগিব শিক্ষকসকল । এই নিৰ্দেশনা জাৰি কৰিছে মাধ্যমিক শিক্ষা বিভাগে৷আনহাতে ক’ভিড টেষ্টৰ সময়সীমা১৮ ছেপ্টেম্বৰলৈ বৃদ্ধি কৰা হৈছে ।
- NRC ৰ চুড়ান্ত তালিকা প্ৰকাশে এবছৰ অতিক্ৰম কৰিলে যদিও এতিয়াও বিদেশী বহিস্কৰণ তথা চিনাক্তকৰণ কোনোধৰণৰ প্ৰক্ৰিয়া নহ’ল । সেয়েহে ইয়াক লৈ তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে আছু আৰু APWয়ে । লগতে আছুৱে কয় চৰকাৰে ভোটবেংক ৰক্ষা কৰিবলৈ ‘কা’ খন বলবৎ কৰি অসম চুক্তিক নস্যাৎ কৰিলে।