চাওঁ আহক দেশৰ বিভিন্ন প্ৰান্তত কৰ’নাৰ শেহতীয়া তথ্য

corona

দেশত কৰ’নাত আক্ৰান্তৰ সংখ্যাই ৩৭ লাখ অতিক্ৰম কৰিলে ৷সম্প্ৰতি দেশত কৰ’নাত আক্ৰান্ত হৈছে ৩৭,৩২,২৭৭ জন লোক ৷ইয়াৰ ভিতৰত সুস্থ হৈ উঠিছে ২৮,৭১,৫৫১ জন লোক ৷চিকিৎসাধীন হৈ আছে ৭,৯৪,১৯৭ জন ৷আৰু মৃত্যু হৈছে ৬৫,৯০৫ জন লোকৰ৷

ইয়াৰ মাজতে হাৰিয়ানাৰ চৰকাৰে সকলো স্নাতক,স্নাতকোত্তৰ পৰীক্ষা অনুষ্ঠিত কৰিবলৈ প্ৰস্তুতি কৰিছে ৷মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ৰ পৰা পোৱা নিৰ্দেশ অনুসৰি পৰীক্ষাসমূহ ছেপ্তেম্বৰৰ শেষলৈকে অনুষ্ঠিত হ’ব ৷লগতে ৩১ অক্টোবৰৰ ভিতৰত ফলাফল দিব লাগিব।

ইফালে দেশত মৃত্যুৰ হাৰ ইতিমধ্যে হ্ৰাস পাইছে ৷দেশত সম্প্ৰতি মৃত্যু হাৰ ১.৭৭ শতাংশ যদিও কেৱল মহাৰাষ্ট্ৰতে মৃত্যুৰ হাৰ ৩.১ শতাংশ।

পঞ্জাৱ চৰকাৰে ছেপ্টেম্বৰৰ শেষলৈকে তলাবন্ধ বঢ়োৱাৰ সিদ্ধান্ত লৈছে ৷লগতে বিয়লি ৭ বজাৰ পৰা পুৱা ৫ বজালৈকে কাৰ্ফিউ জাৰি কৰা হ’ব ৷বিদ্যালয় মহাবিদ্যালয় ৩০ ছেপ্তেম্বৰলৈকে নোখোলে ৷আৰু ছবি গৃহ,সাঁতোৰ প্ৰশিক্ষণ কেন্দ্ৰ আৰু মনোৰঞ্জন পাৰ্কসমূহো বন্ধ থাকিব।

পশ্চিমবংগত কনটেইনমেন্ট জ’নত তলাবন্ধ ৩০ ছেপ্তেম্বৰলৈকে বৃদ্ধি কৰা হৈছে। ৰাজ্য চৰকাৰৰ মতে মেট্ৰ চাৰ্ভিছ ৮ ছেপ্তেম্বৰৰ পৰা পৰ্যায় ক্ৰমে খোলা হ’ব।

আন্তৰাষ্ট্ৰীয় বিমান সেৱাও বন্ধ থাকিব ৩০ ছেপ্তেম্বৰলৈকে। লগতে বিদেশৰ পৰা ভাৰতীয়সকলক আনিবলৈ বন্দে ভাৰত মিশ্যনৰ অধীনত এয়াৰ ইণ্ডিয়াৰ বিমান চলি থাকিব ।

দিল্লী উচ্চ ন্যায়ালয়ে ৰাজধানীলৈ বাহিৰৰ পৰা অহা লোকসকলৰ প্ৰতিটো বাছ আস্থানত কৰ’না টেষ্ট কৰোৱাৰ ব্যৱস্থা কৰিছে। এই ব্যৱস্থা অনাগত সাতদিনৰ ভিতৰত আৰম্ভ হ’ব।

Exit mobile version