চাহ শ্ৰমিকসকলক চৰকাৰে প্ৰতাৰণা কৰিছেঃৰূপজ্যোতি কুৰ্মী

Screenshot 25

চাহ শ্ৰমিকসকলক চৰকাৰে প্ৰতাৰণা কৰিছে ৷ তেওঁলোকৰ বেতন বৃদ্ধিৰ কথা চৰকাৰে চিন্তা নকৰে ৷ আজি বিধানসভাৰ বাহিৰত চাহ শ্ৰমিকসকলৰ প্ৰাপ্য অধিকাৰ বিচাৰি এইদৰে চৰকাৰে বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰিলে মৰিয়নীৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে ৷

ADVERTISEMENT

লগতে ৰূপজ্যোতি কুৰ্মীয়ে কয় যে ২০১৪ত কেন্দ্ৰত বিজেপি চৰকাৰ আহোতে চাহ জনগোষ্ঠীয়ে ভাবিছিল যে এইবাৰ “চাহৱালা” প্ৰধানমন্ত্ৰী হৈছে ৷ গতিকে তেওঁ অন্তত চাহ জনগোষ্ঠীৰ কথা বুজি পাব ৷ বেতনো বৃদ্ধি কৰিব ৷ কিন্তু বাস্তৱত সেয়া হৈ নুঠিল ৷ অসমৰ মুঠ জনসংখ্যাৰ ভিতৰত প্ৰায় ১ কোটি চাহ জনগোষ্ঠীৰ আদিবাসী লোক । কিন্তু চাহ ৱালাৰ চৰকাৰে দেশৰ জনগণক ঠগিলে ৷ আজিলৈকে চাহ শ্ৰমিকে উচিত মূল্য নাপালে।

উল্লেখযোগ্য যে সোমবাৰে অসম বিধানসভাৰ প্ৰথম দিনটোতে ৰূপজ্যোতি কুৰ্মীক মাৰ্শ্বাল লগাই বহিস্কাৰ কৰা হৈছিল । বিধায়ক কুৰ্মীয়ে অসম চুক্তি ৰূপায়ণ ক্ষেত্ৰত চৰকাৰে গ্ৰহণ কৰা পদক্ষেপৰ সন্দৰ্ভত প্ৰশ্ন উত্থাপন কৰাৰ পাছতে পুনৰ আন এটা প্ৰশ্ন উত্থাপন কৰাত তথা অধ্যক্ষ হিতেন্দ্ৰ নাথ গোস্বামীৰ কথা নুশুনাত অধ্যক্ষই অসন্তুষ্টি প্ৰকাশ কৰি এই পদক্ষেপ লয়।

Exit mobile version