চীনৰ কেমেৰাক কেৰেপ নকৰি ভাৰতীয় সেনাৰ অটল স্থিতিত পিছুৱাই গ’ল ৰঙা চীন

চীনা সৈন্যৰ ভাৰতৰ সীমা আগ্ৰাসনৰ দুদিন পিছতে ভাৰতীয় সেনাই সদৰী কৰিছে যে লাডাখৰ পাংগং হ্ৰদত সম্পূৰ্ণৰূপে ভাৰতৰ অধীনত আছে ৷ ইয়াৰ বহু ঠাইত ভাৰতীয় আৰ্মীয়ে তীক্ষ্ণ দৃষ্টি ৰাখিছে ৷ লগতে ভাৰতীয় সেনাই কয় ” এলঅচিক লৈ ভাৰতৰ স্থিতি দৃঢ় আছে কাৰণেই সম্প্ৰতি ভাৰতীয় সেনাই নিজৰ দায়িত্ব পালন কৰিছেে ৷”

আনহাতে ভাৰতীয় সেনাৰ মত অনুসৰি চীনে পাহাৰীয়া অঞ্চলসমূহত কেমেৰাকে ধৰি সকলোধৰণৰ যাৱতীয় যন্ত্ৰ পাতি ভাৰতৰ ওপৰত তীক্ষ্ণ দৃষ্টি ৰাখিবলৈ সাজু কৰি থৈছিল । কিন্তু ভাৰতীয় সেনাই চীনৰ কেমেৰাকে ধৰি এই সমূহ যন্ত্ৰলৈ কেৰেপ নকৰি বিবাদিত অঞ্চল নিজৰ অধীনলৈ আনে ৷ ইয়াৰ পিছতে চীনে ভাৰতীয় সেনাই অধীনলৈ অনা স্থানৰ পৰা কেমেৰাকে আদি কৰি সকলো বস্তু আঁতৰাই আনে ।

আনহাতে চীন ভাৰতৰ এই সংঘৰ্ষৰ সন্দৰ্ভত ৰাষ্ট্ৰীয় সুৰক্ষা উপদেষ্টা অজিত ডোভালে এই সমগ্ৰ বিষয়টো আলোচনা কৰে ৷ লগতে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে উচ্চস্তৰৰ বৈঠক কৰিব পাৰে বুলিও সদৰী কৰে । ইয়াৰ মাজতে দুয়োখন দেশৰ সেনাৰ ইখনৰ পিছত সিখন উচ্চস্তৰৰ  বৈঠক অনুষ্ঠিত হৈছে ।

উল্লেখযোগ্য যে আগ্ৰাসনী চীনে ২৯ আৰু ৩০ আগষ্টৰ নিশা প্ৰায় ৫০০ সৈনিকেৰে ভাৰতত প্ৰবেশৰ চেষ্টা কৰে যদিও বিফল হয় । প্ৰতিৰক্ষা মন্ত্ৰণালয়ৰ মতে “আমাৰ সেনাই শান্তি বিচাৰে যদিও সীমা সুৰক্ষা কৰিব জানে ৷”

Exit mobile version