চুমুক দিলে হাতীৰ মলেৰে বনোৱা চাহত

1qnp4cdg akshay kumar

অক্ষয় কুমাৰ আৰু বিয়েৰ গ্ৰিলচ । প্ৰথমজন বলিউডৰ খিলাড়ী নম্বৰ ৱান ।দ্বিতীয়জনৰ বাবে আকৌ দুৰ্গম পাহাৰ-পৰ্বত তথা জংঘল হেলাৰঙে পাৰ হৈ যোৱাটো বাওঁহাতৰ খেল । এনে দুজন মানুহ যেতিয়া একে লগ হয় তেতিয়া কি হ’ব পাৰে সেয়া সকলোৰে জ্ঞাত । অক্ষয় কুমাৰেই এতিয়া নিজৰ ইনষ্টাগ্ৰামযোগে এটি ভিডিঅ’ শ্বেয়াৰ কৰি ৰাজহুৱা কৰিছে ।

ভিডিঅ’ শ্বেয়াৰ কৰাৰ সমান্তৰালভাৱে এক চাঞ্চল‍্যকৰ তথ্যও সদৰী কৰিছে অভিনেতাজনে । বিয়েৰ গ্ৰিলচৰ দুঃ সাহসিক অভিযানৰ সংগী হোৱাৰ সময়ত হাতীৰ ‘মল’ৰে দুয়ো লগ লাগি চাহ বনাই খাইছে । হাতীৰ মলৰে চাহ বনাই খোৱা দৃশ্যও ৰাজহুৱা কৰিছে অক্ষয় কুমাৰে ।

আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ ‘এডভেঞ্চাৰ ষ্টাৰ ‘ সকলেও হাতীৰ মলৰ চাহত বৰ্তমান পৰ্যন্ত ‘চুমুক’ দিবলৈ সক্ষম হোৱা নাই । অক্ষয় কুমাৰে অৱশ্যে বিনা দ্বিধাই খাই পেলালে হাতীৰ মলেৰে বনোৱা চাহ ।

এই কথা অক্ষয় কুমাৰে নিজে দাবী কৰাৰ লগতে ৰাজহুৱা কৰা ভিডিঅ’ ত শিৰোনামাও লিখিছে । ‘ইন্টু দ্য ৱাইল্ড উইথ বিয়েৰ গ্ৰিলচ’ নামৰ অনুষ্ঠানৰ এই বিশেষ অভিযান ‘ ডিছক’ভাৰী প্লাছ’ চেনেলত অহা ১১ছেপ্টেম্বৰৰ সন্ধিয়া আঠ বজাত সম্প্ৰচাৰ হ’ব ।

ডিছক’ভাৰীত পুনৰ সম্প্ৰচাৰ হ’ব ১৪ ছেপ্টেম্বৰৰ সন্ধিয়া আঠ বজাত । সম্প্ৰতি ‘বেলবটম’ ৰ শ্বুটিঙৰ বাবে ইংলেণ্ডত আছে অক্ষয় কুমাৰ । তাৰ পৰাই ভিডিঅ’টো শ্বেয়াৰ কৰিছে অক্ষয় কুমাৰে।

Exit mobile version