মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিৰ পৰা ধন আত্মসাৎঃ গ্ৰেপ্তাৰ ৫ জন

Screenshot 37

অসমৰ মুখ্যমন্ত্ৰী সাহায্য পুঁজিৰ পৰা ধন আত্মসাৎ কৰাৰ অপৰাধত আৰক্ষীৰ জালত পৰিল পাঁচজন লোক । প্ৰায় ৪ লাখ টকা উলিওৱাৰ পিছতে মুখ্যমন্ত্ৰীৰ বিশেষ তদাৰকী শাখাই ৫ জন লোকক গ্ৰেপ্তাৰ কৰে ৷ সূত্ৰ অনুসৰি এই আটাইকেইজন লোক উত্তৰ প্ৰদেশৰ । লগতে অভিযুক্ত লোককেইজনে মুখ্যমন্ত্ৰীৰ চহী জালিয়াতিৰে ব্যৱহাৰ কৰি ধন আত্মসাৎ কৰিছিল বুলি অভিযোগ উঠিছে ।

অসমৰ মুখ্যমন্ত্ৰীৰ বিশেষ তদাৰকী শাখাই উত্তৰ প্ৰদেশৰ গোৰখপুৰৰৰ পৰা পাঁচজন অভিযুক্ত ক্ৰমে মহম্মদ আৰিফ, মহম্মদ আছিফ, শ্ৰী লালজী, সৰ্বেশ ৰাও আৰু ৰবিন্দ্ৰ কুমাৰক গ্ৰেপ্তাৰ কৰে । অভিযুক্তসকলক সোমবাৰে গুৱাহাটীলৈ আনে অসম আৰক্ষীয়ে।

ইফালে এই সমগ্ৰ ঘটনাটো ১৫ দিনৰ ভিতৰত সমাধান কৰিবলৈ নিৰ্দেশ দিয়া হৈছিল। আৰু এই অভিযানটো আছিল সম্পূৰ্ণ গোপন । মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে এই সমগ্ৰ ঘটনাটোৰ সম্ভেদ পাই তাৎক্ষণিকভাৱে তদাৰকী শাখাক তদন্ত কৰিবলৈ নিৰ্দেশ দিয়ে ৷ ইয়াৰ পিছত অভিযুক্তসকলক উত্তৰ প্ৰদেশৰ পৰা গ্ৰেপ্তাৰ কৰা হয় ।

Exit mobile version