মুম্বাই বিমানকোঠৰ ৭৪শতাংশ শ্বেয়াৰ ক্ৰয় আদানি গ্ৰুপৰ

Mumbai Airport 200 Daily Flights

দেশৰ ছটা বিমানকোঠৰ পাছত এইবাৰ মুম্বাই বিমানকোঠৰ ৰক্ষণাবেক্ষণৰো দায়িত্ব লাভ কৰিলে আডানি গ্ৰুপে । সম্প্ৰতি কোম্পানীটোৱে মুম্বাই ইন্টাৰনেচনেল এয়াৰপ’ৰ্ট লিমিটেড (এমআই এ এল)ৰ ৭৪শতাংশ শ্বেয়াৰ ক্ৰয় কৰিছে ।

ফলত দেশৰ বৃহত্তম বেচৰকাৰী বিমানকোঠ অপাৰেটৰৰ আখ্যা লাভ কৰিলে আদানি গ্ৰুপে । মুম্বাইৰ ছত্ৰপতি শিবাজী মহাৰাজা আন্তৰ্জাতিক বিমানকোঠৰ ৰক্ষণাবেক্ষণৰ দায়িত্বত আছিল জিভিক গ্ৰুপ ।

কিন্তু আর্থিকভাৱে প্ৰৱল চাপত পৰি জিভিক গ্ৰুপে তেওঁলোকৰ অংশ আদানি গ্ৰুপক বিক্ৰীৰ ইচ্ছা প্ৰকাশ কৰিছিল । সেই অনুসৰি জিভিকৰ পৰা আদানি গ্ৰুপে ৫০.৫শতাংশ শ্বেয়াৰ ক্ৰয় কৰে ।

একেদৰে তেওঁলোকে এয়াৰপ’ৰ্টছ কোম্পানী ছাউথ আফ্ৰিকা আৰু বিডভেষ্টৰ দৰে সৰু কোম্পানীসমূহৰ পৰাও মুঠ ২৩.৫শতাংশ শ্বেয়াৰ ক্ৰয় কৰে । সকলো মিলাই মুম্বাই ইণ্টাৰনেচনেল এয়াৰপ’ৰ্ট লিমিটেডৰ ৭৪শতাংশ অংশীদাৰ সম্প্ৰতি আদানি গ্ৰুপৰ দখলত ।

উল্লেখ্য যে এয়াৰপ’ৰ্ট অথৰিটী অৱ ইণ্ডিয়াৰ অধীনত থকা দেশৰ ছটা বিমানকোঠ চৰকাৰী আৰু বেচৰকাৰী যৌথ উদ্যোগত পৰিচালনা কৰা হ’ব বুলি কেন্দ্ৰই অলপতে সিদ্ধান্ত লৈছিল ।

সেই অনুসৰি আহমেদাবাদ, থিৰুৱনন্তপুৰম, লক্ষ্ণৌৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ তৰফৰ পৰা নিবিদাও আহ্বান কৰা হৈছিল । সৰ্বাধিক দৰৰ নিবিদা দাখিল কৰি ছটা বিমানকোঠৰ ৰক্ষণাবেক্ষণৰ দায়িত্বই লাভ কৰিছে আদানি গ্ৰুপে ।

এয়াৰপ’ৰ্ট অথৰিটী অৱ ইণ্ডিয়াৰ সূত্ৰই জনোৱা মতে, প্ৰতি মাহত এজন যাত্ৰীৰ বাবদ কোম্পানীয়ে কিমান টকা ব্যয় কৰিব পাৰিব, সেই হিচাপতে নিবিদা আহ্বান কৰা হৈছিল । সেই হিচাপতে নিবিদাসমূহ লাভ কৰে আদানি গ্ৰুপে।

Exit mobile version