ম’ৰেটৰিয়াম দুবছৰ পৰ্যন্ত হ’ব পাৰেঃ আদালতক জনালে কেন্দ্ৰই

Tushar Mehta

কৰ’না ভাইৰাছৰ প্ৰকোপ,তলাবন্ধৰ অৰ্থনৈতিক স্থবিৰতাৰ ফলত ৰেহাই দিবলৈ ঘোষণা কৰা ঋণৰ কিস্তি আদায় স্থগিতাকৰণৰ সময় বা ম’ৰেটৰিয়াম”ৰ ম্যাদৰ সোমবাৰে অন্ত পৰে। এই প্ৰসংগত আজি দেশৰ ছলিচিটৰ জেনেৰেল তুষাৰ মেহতাই কেন্দ্ৰীয় চৰকাৰক প্ৰতিনিধিত্ব কৰি কয় যে ৰিজাৰ্ভ বেংকৰ ঘোষণা অনুযায়ী ম’ৰেটৰিয়ামৰ ম্যাদ দুবছৰ বৃদ্ধি কৰিব পাৰি ৷

ঋণৰ কিস্তি স্থগিত ৰখাৰ সুত ৰেহাই দিয়াৰ বাবে সৰ্বোচ্চ ন্যায়ালয়ে দাখিল কৰা এক ৰাজহুৱা স্বাৰ্থজড়িত আৱেদনৰ শুনানি গ্ৰহণ কালত মেহতাই বিষয়টো ৰিজাৰ্ভ বেংক আৰু বেংকৰ সংস্থাৰ স’তে আলোচনাৰ মাধ্যমেৰে সিদ্ধান্ত লোৱাৰ বাবে অনুমতি লোৱাৰ বাবে অনুমতি দিবলৈ আবেদন জনায়।

তেওঁ কয় “ইয়াৰ স’তে বহু বিষয় জড়িত হৈ আছে ৷মুঠ ঘৰুৱা উৎপাদন ২৩ শতাংশ হ্ৰাস পাইছে আৰু অৰ্থনীতি চাপৰ সন্মুখীন হৈছে৷”অহা বুধবাৰে এই গোচৰৰ পুনৰ শুনানি হ’ব ৷মেহতাই লগতে আদালতত কয় “মই গভীৰ দায়িত্ববোধেৰে এই কথা কৈছো ।হৰিশ ছালভেই বেংকাৰ সংস্থাৰ স’তে কথা পাতিছে ।অধিকাংশ বিষয় নিষ্প্ৰতি কৰা হৈছে ৷

মন কৰিব লগীয়া যে বিগত সপ্তাহত কেন্দ্ৰৰ মতামত বিচাৰি শপত নামা দাখিল কৰিবলৈ কৈছিল উচ্চতম ন্যায়ালয়ে ।এই পৰ্যন্ত কেন্দ্ৰই শপতনামা দাখিল কৰা নাই ৷এই বিষয়তে আদালতে কেন্দ্ৰক ভৎসনা কৰি কৈছিল যে চৰকাৰে ৰিজাৰ্ভ বেংকক ঢাল হিচাপে ব্যৱহাৰ কৰিব নোৱাৰে ৷ইপিনে সুত ৰেহাইৰ পক্ষত নাই ৰিজাৰ্ভ বেংক।

আজি ছলিচিটৰ জেনেৰেল ভাষ্যৰ পাছত উচ্চতম ন্যায়ালয়ৰ তিনিজনীয়া বিচাৰপীঠৰ এজন ন্যায়াধীশ এম আৰ শ্বাহে কয় “আমি সুতৰ ওপৰত সুতৰ বিষয়টো শুনিব লাগিব ।এই গোচৰৰ শুনানি গ্ৰহণ কৰিছে ন্যায়াধীশ আশোক ভূষণৰ নেতৃত্বৰ তিনিজনীয়া বিচাৰপীঠে ৷ইপিনে গোচৰকাৰী কেইজন হৈছে গজেন্দ্ৰৰ শৰ্মা আৰু অধিবক্তা বিশাল তিৱাৰী ৷সম্প্ৰতি এই দুই আবেদনৰ শুনানিৰ পাছতে আদালতত ৰায়ৰ স্পষ্ট হ’ব ঋণ গ্ৰহণকাৰীসকলৰ ভাগ্য ৷

Exit mobile version