২০ হেজাৰ কোটিৰ হিচাপেই নোলাল

unnamed 1

ৰাজ্যত বিগত ২০০১ৰ পৰা ১৭ বছৰত ৰাজকোষৰ পৰা প্ৰায় ২০ হেজাৰ কোটি টকা আত্মসাৎ কৰা হয় । ভাৰতৰ নিয়ন্ত্ৰক আৰু মহাহিচাপ পৰীক্ষাত (কেগ)ৰ প্ৰতিবেদনত এই ভয়ংকৰ কেলেংকাৰি তথ্য পোহৰলৈ আহিছে । প্ৰতিবেদনত উল্লেখ কৰা হৈছে যে বিগত ২০০১-০২ৰ পৰা ২০১৭-১৮লৈ অসম চৰকাৰৰ বিভিন্ন বিভাগে ৯.৪৫৫খন পুঁজি ব্যয়ৰ প্ৰমাণ পত্ৰ দাখিল নকৰিলে ৷ বিত্ত বিভাগৰ পৰা বিভাগবোৰক এই প্ৰমাণপত্ৰ দাখিল কৰিবলৈ কে’বাবাৰো নিৰ্দেশ দিয়া হৈছিল ৷

অৱশ্যে পাছলৈ বিত্ত বিভাগেও এই ক্ষেত্ৰত শিথিলতা প্ৰদৰ্শন কৰে ৷ বিভাগবোৰে প্ৰমাণপত্ৰ দাখিলৰ পৰা বিৰত থাকে । এই প্ৰমাণপত্ৰবোৰ দাখিল নকৰাত মুঠ ১৯,৬৭২,০৬ কোটি টকা ব্যৱহাৰৰ কোনো হিচাপেই নোলাল । ভৱিষ্যতলৈও এই ধনৰ হিচাপ নোলোৱাৰ সম্ভাৱনা অধিক বুলি কেগে নিশ্চিত কৰিছে ৷

এই সন্দৰ্ভত প্ৰতিবেদনত উদ্বেগৰ মন্তব্য কৰা হৈছে এনেদৰে “বিভাগীয় কৰ্তৃপক্ষই বছৰ বছৰ ধৰি ১৯,৬৭২ কোটি টকা কেনেকৈ খৰচ কৰা হ’ল তাৰ ব্যাখ্যা দিব নোৱাৰাটো উদ্বেগজনক ৷ যিহেতু এই পুঁজি কেতবোৰ বিশেষ কৰ্মসূচী আঁচনি ৰূপায়ণৰ বাবে ধাৰ্য ৰাজহুৱা পুঁজি আৰু এই ক্ষেত্ৰত যি উদ্দেশ্য পুঁজিৰ ব্যৱস্থা কৰা হৈছে তেনে ক্ষেত্ৰত তাৰ হিচাপ লাভ কৰাত কোনো নিশ্চয়তা নাই ।

২০০১-০২ৰ পৰা উক্ত পুঁজিৰ ব্যয় সন্দৰ্ভত দায়বদ্ধতাৰ অভাৱ স্পষ্ট হৈছে ৷ সেয়েহে এই পুঁজিসমূহ আত্মসাৎ কৰাৰ কথা নুই কৰিব নোৱাৰি । কেগৰ তথ্য অনুসৰি মুঠ ব্যৱহাৰিক প্ৰমাণপত্ৰ ৬৭.১৬ শতাংশই হ’ল ২০১৫-১৬,২০১৬-২০১৭ আৰু ২০১৭-১৮ ৰ ।

আনহাতে বিভাগবোৰৰ ভিতৰত ১০ টাই সৰ্বাধিক সংখ্যক ক্ৰমাগতভাৱে দাখিল কৰা নাই। সেই বিভাগকেইটা হ’ল সচিবালয় প্ৰশাসন,পঞ্চায়ত আৰু গ্ৰমোন্নয়ণ,গুৱাহাটী উন্নয়ন আৰু কৃষি ৷ সৰ্বাধিক সংখ্যক প্ৰমাণপত্ৰ দাখিলৰ পৰা বিৰত থকা বিভাগটো হ’ল সচিবালয় প্ৰশাসন আৰু কম সংখ্যক প্ৰমাণপত্ৰ দাখিল কৰিব পৰা বিভাগটো হ’ল কৃষি ।

হিচাপবিহীন ধনৰ এটা অংশ অনুদান হিচাপে আগবঢ়োৱা হৈছে ৷ সাধাৰণ লোকৰ জীৱন ধাৰণৰ মান উন্নয়নৰ বাবে চৰকাৰে বিভিন্ন অনুদানমূলক আঁচনি ৰূপায়ণ কৰি আহিছে। এইবোৰৰ বাবদ আৱন্টিত ধনৰ পৰিমাণো তুলনামূলকভাৱে বৃদ্ধি হয় । যি উদ্দেশ্যত পুঁজি আবন্টন দিয়া হৈছিল তাৰ সঠিক ব্যৱহাৰক লৈও কেগ সন্দিহান ।

Exit mobile version