চিলাৰ স’তে উৰি গ’ল তিনি বছৰীয়া কন্যা

Screenshot 26

চিলা উৰুওৱা উৎসৱৰ মাজতে সংঘটিত হ’ল এক অঘটন । এটি তিনি বছৰীয়া শিশুক এখন দীঘলীয়া চিলাই মেৰিয়াই ধৰি উৰুৱাই লৈ গ’ল আকাশলৈ । টাইৱানৰ নানলিৱাও উপকূলত সংঘটিত হয় এই অঘটন । সেই স্থানত চীলা উৰুওৱা উৎসৱলৈ আগমন হৈছিল বৃহৎ সংখ্যক লোকৰ ।

উৎসৱত এখন বিশালকায় চিলা উৰুৱাই দিয়াৰ সময়তে তিনি বছৰীয়া শিশু কন্যা এটিক মেৰিয়াই ধৰে । চিলাখনৰ দীঘলীয়া নেগুৰে মেৰিয়াই ধৰি শিশু কন্যাটিক আকাশলৈ উৰুৱাই নিয়ে । সেই সমগ্ৰ অঘটনৰ এটি ভিডিঅ’ ইতিমধ্যে ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে । ভিডিঅ’টোত দেখিবলৈ পোৱা অনুসৰি বিশাল আকাৰৰ কমলা ৰঙৰ চিলা এখন উৰুওৱাৰ প্ৰস্তুতি চলি আছে ।

চিলাখন ক্ৰমে আকাশলৈ আগবঢ়াৰ সমান্তৰালভাৱেই শিশু কন্যাটিৰ চিঞৰ আৰম্ভ হয় । উপস্থিত সকলে চিলাখন নমাই আনিবলৈকো চিঞৰিবলৈ ধৰে ।এটা সময়ত অৱশ্যে উৎসৱৰ কৰ্মী সকলে চিলাখন তললৈ নমাই আনে ।আকস্মিক ভাৱে ঘটি যোৱা ঘটনাটোত কন্যা শিশুটিয়ে গুৰুতৰ আঘাত লাভ নকৰিলেও শৰীৰৰ বহু স্থানত আঁচোৰ খায় । কন্যা শিশুটি সম্প্ৰতি হাস্পতালত চিকিৎসাধীন হৈ আছে । স্বাস্থ্যৰো ক্ৰমে উন্নতি হ’বলৈ লৈছে কণমানিটোৰ।

Exit mobile version