বিএছএফৰ মেঘালয় ফ্ৰণ্টিয়াৰৰ মহাপৰিদৰ্শক কুলদ্বীপ চাইনিৰ অৱসৰ গ্ৰহণ

WhatsApp Image 2020 09 01 at 8.09.49 PM

সীমান্ত নিৰাপত্তা বাহিনীৰ (বিএছএফ) শ্বিলঙস্থিত মেঘালয় ফ্ৰণ্টিয়াৰৰ মহাপৰিদৰ্শক কুলদ্বীপ চাইনিয়ে বাহিনীটোত ৩৬ বছৰ সুখ্যাতিৰে সেৱা আগবঢ়োৱাৰ অন্তত ৩১ আগষ্টত অৱসৰ গ্ৰহণ কৰে । দিল্লী ইউনিভাৰ্চিটিৰ পৰা ১৯৮৩ চনত আইনৰ স্নাতক ডিগ্ৰী লাভ কৰা কুলদ্বীপ চাইনিয়ে ১৯৮৪ চনত বিএছএফত এচিষ্টেণ্ট কমাণ্ডেণ্ট হিচাপে যোগদান কৰি নিজৰ যোগ্যতা, দক্ষতা আৰু অভিজ্ঞতাৰ বলত মহাপৰিদৰ্শক পদলৈ পদোন্নতি লাভ কৰে । তাৰপাছত ২০১৯ চনৰ ৮ জানুৱাৰীত মেঘালয় ফ্ৰণ্টিয়াৰৰ মহাপৰিদৰ্শক হিচাপে যোগদান কৰে ।

তেওঁৰ নেতৃত্বত বি এছএফএ বাংলাদেশৰ সীমান্ত সংলগ্ন অঞ্চলত অভিযান চলাই ৬০ কৌটি টকাৰো অধিক মূল্যৰ চোৰাং সামগ্ৰী জব্দ কৰিবলৈ সক্ষম হয় । উল্লেখযোগ্য যে চাইনিয়ে নিষ্ঠাৰে আগবঢ়োৱা সেৱাৰ বাবে ২০০৭ চনত আৰক্ষী পদক, ২০১৫ চনত ৰাষ্ট্ৰপতিৰ আৰক্ষী পদক আৰু ২০০৫ চনত সঞ্চালক প্ৰধানৰ পদক লাভ কৰিছিল ।

Exit mobile version