অসম-নাগালেণ্ড সীমান্তত নগাৰ বেদখল

bokajan

অসম-নাগালেণ্ড সীমান্তৰ বৃহৎ ভূ-খণ্ডত নগা লোকে ভূমি আগ্ৰাসন অব্যাহত ৰখাৰ সময়তে সীমান্তৱৰ্তী অঞ্চলসমূহত বিভিন্ন ধৰণৰ অপ্ৰীতিকৰ ঘটনা সংঘটিত হৈ অহাৰ উপৰিও বহু নিৰীহ লোকে অকাল মৃত্যুক আঁকোৱালি ল’ব লগা হৈছে।

অসম নাগালেণ্ড আন্তঃৰাজ্যিক সীমান্তৱৰ্তী কাৰ্বি আংলং জিলাৰ দলদলি বনাঞ্চলৰ দিছাপুৰ আৰু শংকৰটিলা অঞ্চলত নগাই সময়ে সময়ে ভূমি দখল অব্যাহত ৰখাৰ সময়তে অতি শেহতীয়াকৈ পুনৰ নগাই ভূমি দখল কৰাৰ এক ঘটনা সংঘটিত হৈছে ।

অভিযোগ অনুসৰি ডিলাই আৰক্ষী থানাৰ অন্তৰ্গত দলদলি সংৰক্ষিত বনাঞ্চলত নিৰ্বিঘ্নে অব্যাহত ৰাখিছে বেদখল। দিছাপুৰ অঞ্চলত একাংশ স্থানীয় মহিলাই আজি বেদখলত বাধা দিয়াৰ চেষ্টা কৰে যদিও বেদখলকাৰীয়ে মহিলাসকলক দাবী ধমকি দিয়ে আৰু ঘটনাৰ ভিডিঅ’ কৰি থকা মহিলাৰ মোবাইল কাঢ়ি লয়।

ইপিনে সমগ্ৰ ঘটনাক কেন্দ্ৰ কৰি বনবিভাগ, আৰক্ষী তথা স্বায়ত্ত শাসিত পৰিষদে ৰহস্যজনকভাৱে মৌন হৈ থকা বিষয়টোৱে অঞ্চলতটোৰ সচেতন মহলক সচকিত কৰি তুলিছে।

Exit mobile version