ইউ পি পি এলে কেৱল ট্ৰাইবেলৰ কথা চিন্তা কৰেঃ হাগ্ৰামা মহিলাৰী

Hagrama Mohilary 1

আবছু আৰু ইউ পি পি এল এটা মুদ্ৰাৰ ইপিঠি সিপিঠি । তেওঁলোকে কেৱল ট্ৰাইবেল কথাই চিন্তা কৰে । জাতীয় সংগঠন আবচুৰ পৰা জন্ম ইউ পি পি এল ৷ ইউ পি পি এল ক্ষমতালৈ আহিলে অবড়ো ৰাইজৰ কি হ’ব সেয়া বুজিবলৈ চেষ্টা কৰক ৷ এই মন্তব্য বিটিচিৰ প্ৰাক্তন মুখ্য কাৰ্যবাহী সদস্য তথা বি পি এফ দলৰ সভাপতি হাগ্ৰামা মহিলাৰীৰ ।

ছালাকাটি ব্লক বি পি এফৰ দলৰ উদ্যোগত অনুষ্ঠিত দলৰ প্ৰাৰ্থী দেৰহাসাৎ বসুমতাৰীৰ সপক্ষে দলীয় নিৰ্বাচনী প্ৰচাৰ সভাত এই মন্তব্য কৰি ২০০৩ ৰ পৰা বসবাস কৰি অহা সকলো শ্ৰেণীৰ মাজত মাটিৰ পট্টা প্ৰদান কৰা হ’ব ৷ এইবাৰ বি টি চি নিৰ্বাচনত প্ৰায় ত্ৰিশখন আসন লাভ কৰিব পাৰিব বুলি কয়।

পৰিয়ালৰ অভিভাৱক তথা সন্মানীয় লোকসকলৰ সতে তেওঁ মতবিনিময় কৰিব বুলি উক্ত সভাতে ব্যক্ত কৰে । ১২নং ছালাকাটি সমষ্টিৰ বিপি এফ দলৰ প্ৰাৰ্থী তথা বি টি চি পৰিষদীয় প্ৰাক্তন কাৰ্যবাহী সদস্য দেৰহাসাৎ বসুমতাৰীয়ে তেওঁৰ জয় নিশ্চিত বুলি কয় । দলৰ প্ৰতিজন বিষয়ববীয়া, সদস্য, শুভাকাংক্ষীক সমষ্টিৰ চুকে-কোণে সোমাই জনসাধাৰণৰ স’তে সু সম্পৰ্ক বজাই ৰাখিবলৈ দলীয় কৰ্মীসকলক দিহা পৰামৰ্শ আগবঢ়ায় ৷

সভাপতি ছালাকাটি ব্লক বি পি এফ দলৰ বিষয় ববীয়াৰ উপৰি যুৱ বি পি এফ, মহিলা গোট, বড়োলেণ্ড ছাত্ৰ সন্থাৰ বিষয়-ববীয়াৰ লগতে ধৰ্মীয় সংখ্যালঘূ পৰিষদৰ সাধাৰণ সম্পাদক আইনাল হক উপস্থিত থাকে।

Exit mobile version