কৰ’নাৰ প্ৰভাৱঃ নাট প্ৰদৰ্শন বাতিলৰ সিদ্ধান্ত অসম ভ্ৰাম্যমাণ থিয়েটাৰ প্ৰযোজক সন্থাৰ

people

কৰ’না মহামাৰীৰ পৰিপ্ৰেক্ষিতত চলিত নাট্যবৰ্ষত নাট প্ৰদৰ্শন বাতিলৰ সিদ্ধান্ত গ্ৰহণ কৰিছে সদৌ অসম ভ্ৰাম্যমাণ থিয়েটাৰ প্ৰযোজক সন্থাই। সন্থাৰ সভাপতি নজৰুল ইছলাম আৰু যুটীয়া সম্পাদকদ্বয় সুবোধ মজুমদাৰ আৰু ক্ষিৰোদ খনিকৰে এক প্ৰেছ বিজ্ঞপ্তি জৰিয়তে কয় যে চলিত বৰ্ষতে মাৰ্চতে ভ্ৰাম্যমাণ নাট্যদলসমূহে নাট্যযাত্ৰা স্থগিত ৰাখি ২০২০-২১ৰ বৰ্ষৰ বাবে এই পৰ্যন্ত আখৰাকে কৰিব পৰা নাই ।

তেনেক্ষেত্ৰত নাট্যদলসমূহে আৰ্থিক দিশত প্ৰচুৰ ক্ষতিৰ সন্মুখীন হোৱাৰ সম্ভাৱনাই প্ৰবল । ইয়াৰোপৰি কৰ’নাৰ এই ভয়াৱহ দুৰ্যোগৰ সময়ত কোনো আহ্বায়ক সমিতিয়ে শিল্পী কলা কুশলীক থকা মেলাৰ ব্যৱস্থা কৰি দিয়াৰ ক্ষেত্ৰত বহুখিনি অসুবিধা হ’ব পাৰে ।

আনহাতে চৰকাৰী নীতি নিৰ্দেশনা অনুসৰি কৰ’নাৰ বাবে ভ্ৰাম্যমাণ থিয়েটাৰে নাট প্ৰদৰ্শন কৰাৰ পৰিবেশ পোৱা নাই ৷ এনেবোৰ কাৰণতে সদৌ অসম ভ্ৰাম্যমাণ থিয়েটাৰ প্ৰযোজক সন্থাই ২০২০-২১ নাট্যবৰ্ষৰ নাট প্ৰদৰ্শন বাতিল কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৷ লগতে প্ৰযোজক সন্থাই চৰকাৰ আৰু ৰাইজৰ পৰা সকলো ধৰণৰ সহায় সহযোগিতা কামনা কৰিছে  ৷

Exit mobile version