খড়্গপুৰ আইআইটিৰ গৱেষকে আৱিষ্কাৰ কৰিলে সূক্ষ্ম বেজী

1493396840 59036d68a58cc

বেজীৰ নাম শুনিলেই আতংকিত হৈ পৰে বহুজন । নতুনকৈ এনে এবিধ বেজী আৱিষ্কাৰ কৰা হৈছে যাৰ দ্বাৰা শৰীৰত খোঁচা খালেও কষ্ট অনুভৱ নহ’ব । খড়্গপুৰ আই আই টিত আবিষ্কাৰ কৰা হৈছে এই বেজী অথবা ‘নিডল’ ।দাবী কৰা অনুসৰি এই ‘মাইক্ৰ’নিডল’ৰ খোঁচা খালে বহুজনে বেজী লোৱাৰ অনুভৱে নকৰিব ।

খড়্গপুৰ আইআইটিৰ ইলেকট্ৰ’নিক আৰু ইলেকট্ৰিকেল কমিউনিকেচন ইঞ্জিনীয়াৰিং বিভাগৰ গৱেষক অধ্যাপক তৰুণকান্তি ভট্টাচাৰ্যই এই সূক্ষ্ম বেজীৰ আৱিষ্কাৰ কৰিছে । এই বেজী কৰ’না প্ৰতিষেধক দিয়াৰ বাবে অতিকৈ কাৰ্যকৰী হ’ব বুলিও দাবী কৰা হৈছে । শৰীৰত ঔষধ প্ৰেৰণ কৰাৰ ক্ষেত্ৰত ইয়াৰ সক্ষমতা একে পৰ্যায়ৰ হ’ব ।

বেজীটো দেখিবলৈ সৰু হ’লেও অৱশ্যে ভাঙি যোৱাৰ কোনো সম্ভাৱনা নাই।এই বেজীৰ নাম ৰখা হৈছে ‘ট্ৰান্স ডৰ্মাল ড্ৰাগ ডেলিভাৰী ছিষ্টেম’‌ । জন্তুৰ শৰীৰত ইয়াৰ পৰীক্ষা সফল হৈছে । মানৱ শৰীৰত ‘ট্ৰায়েল’ সম্পন্ন হোৱাৰ পাছত মুকলি কৰি দিয়া হ’ব বজাৰত।

Exit mobile version