জনপ্ৰিয় ইউটিউবাৰ ‘তেলচুৰাৰ’ পৰিচালক, অভিনেতা জিতুল ৰাজবংশীৰ দেহাৱসান

7

‘তেলচুৰা’ৰ জৰিয়তে প্ৰসিদ্ধি লাভ কৰা জনপ্ৰিয় ইউটিউবাৰ জিতুল ৰাজবংশী আৰু নাই । তামুলপুৰ মহকুমাৰ অন্তৰ্গত সৌৰাগুৰী নিবাসী পৰেশ ৰাজবংশী আৰু নীলিমা ৰাজবংশীৰ জ্যেষ্ঠ পুত্ৰ স্ক্ৰীপ্ট ৰাইটাৰ (কাহিনীকাৰ), অভিনেতা, পৰিচালক জিতেন মাষ্টৰ ওৰফে জিতুল ৰাজবংশীৰ মংগলবাৰে নিশা পৰলোকপ্ৰাপ্তি ঘটে ।

গুৱাহাটী বি বৰুৱা কৰ্কট প্ৰতিষ্ঠানত চিকিৎসাধীন অৱস্থাত নিশা প্ৰায় ১১-৩০ বজাত শেষ নিশ্বাস ত্যাগ কৰে এই গৰাকী প্ৰতিভাসম্পন্ন অভিনেতাই । মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ২৬ বছৰ । নিশাই তেওঁৰ মৃতদেহ লৈ অনা হয় সৌৰাগুৰীস্থিত নিজ বাসগৃহলৈ । জিতুলৰ মৃত্যুৰ বাতৰিয়ে সমগ্ৰ তামুলপুৰ মহকুমাত শোকৰ ছাঁ পেলাইছে।

উল্লেখযোগ্য যে এই গৰাকী অভিনেতাই তামুলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালৰ পৰা বিজ্ঞান শাখাত উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হৈ পৰৱৰ্তী সময়ত তেওঁ টেট পৰীক্ষাত উত্তীৰ্ণ হৈ টেট শিক্ষক হিচাপে ২০১৩ চনত তামুলপুৰ শিক্ষাখণ্ডৰ অন্তৰ্গত ওৰাংবস্তী মাইনা পাৰিজাত এল পি স্কুলত যোগদান কৰে । ২০১৭ চনৰ এপ্ৰিল মাহৰ পৰা ২০২০ চনলৈ ফেব্ৰুৱাৰী মাহলৈ শালমাৰা ক্লাস্তাৰত চি আৰ চি চি হিচাপে দায়িত্ব ভাৰ লৈছিল যদিও অসুস্থতাৰ বাবে যোৱা ফেব্ৰুৱাৰীত তেওঁ এই দায়িত্বৰ পৰা অব্যাহতি লয় ।

এগৰাকী সুদক্ষ তবলা আৰু গীটাৰ বাদক হিচাপে অঞ্চলটোত খ্যাতি লাভ কৰা জিতুলৰ মৃত্যুত শোকত ভাঙি পৰিছে পৰিয়াল, আত্মীয় স্বজন আৰু ভয়চ আছামৰ শিল্পী সকল। আজি অজস্ৰ গুণমুগ্ধই শেষ শ্ৰদ্ধাঞ্জলি জনায় যুৱশিল্পী গৰাকীক। তেওঁৰ মৃত্যুত তামুলপুৰৰ লগতে সমগ্ৰ অসমৰ শিল্পী সমাজৰ ব্যাপক ক্ষতি হিচাপে পৰিগণিত হৈছে ।

আনহাতে কান্দোনত ভাঙি পৰিছে ‘তেলচুৰা’ গ্ৰুপৰ শিশু শিল্পী কৰণ ডেকা, সাগৰিকা ৰাজবংশী আৰু সহ শিল্পীসকল । উল্লেখযোগ্য যে তেওঁ পেঙ্ক্ৰিয়াইটিছত কৰ্কট ৰোগত আক্ৰান্ত হৈ অৰ্থৰ অভাৱত চিকিৎসা সম্পূৰ্ণ নোহোৱাকৈ চেন্নাইৰ পৰা উভতি আহিছিল । মঙ্গলবাৰে পুৱা সংকটজনক অৱস্থাত ভৰ্তি কৰোৱা হৈছিল বি বৰুৱা কেঞ্চাৰ প্ৰতিষ্ঠানত আৰু নিশা শিল্পীজনে ইহসংসাৰ ত্যাগ কৰে। মৃত্যুৰ সময়ত পিতৃ-মাতৃ সহ এগৰাকী ভাতৃ আৰু অসংখ্য গুণমুগ্ধক ইহসংসাৰত এৰি থৈ যায়।

Exit mobile version