দেৰগাঁৱত নিশা বিজেপি কৰ্মীৰ আক্ৰমণত আহত যুৱক

IMG 20200902 WA0032

আগন্তুক ২০২১ৰ বিধানসভা নিৰ্বাচনৰ দিন ওচৰ চাপি অহাৰ লগে লগে বহু অঞ্চল ৰাজনৈতিক বতাহো ক্ৰমাৎ উষ্ম হৈ অহা দেখা পোৱা গৈছে। ইয়াৰ মাজতে দেৰগাঁৱৰ খুমটাই সমষ্টিৰ কংগ্ৰেছ আৰু বিজেপি কৰ্মী-সমৰ্থকৰ মাজত খণ্ড যুদ্ধৰ পৰিস্থিতি হয়।

প্ৰাপ্ত তথ্য অনুসৰি খুমটাই বিধানসভা সমষ্টিৰ বিধায়ক মৃণাল শইকীয়াৰ অনুগামীয়ে এজন যুৱকক হত্যাৰ চেষ্টা কৰাক লৈ নিশাই ৰাইজৰ মাজত তীব্ৰ উত্তেজনাই বিৰাজ কৰে।

অনুসূচীত জাতি ছাত্র সন্থাৰ দেৰগাঁও আঞ্চলিক সমিতিৰ সভাপতি তথা সংবাদসেৱাৰ লগত জড়িত নিৰঞ্জন দাস নামৰ যুৱকজনে পূৱ আৰু মধ্য ব্ৰহ্মপুত্ৰ গাঁও পঞ্চায়তৰ অন্তৰ্গত কে’বাটাও পকী পথ নিৰ্মাণত অনিয়ম সংঘটিত হোৱাৰ লগতে পঞ্চায়তৰ দ্বাৰা নিৰ্মাণ হোৱা পথটিত বিধায়ক মৃণাল শইকীয়াৰ নাম ফলক লগোৱাক লৈ প্ৰতিবাদ কৰাৰ লগতে বাতৰিও পৰিৱেশন কৰি আহিছিল ।

সেয়ে বিধায়ক শইকীয়াৰ ঘনিষ্ঠ গড়মৰা গাঁৱৰ ৰাজু শইকীয়া নামৰ বিজেপি নেতাজনে দিচৈ তিনিআলিৰ নিৰ্জন ঠাইত নিশাৰ এন্ধাৰৰ সুযোগ লৈ নিৰঞ্জন দাসক দলগতভাৱে আক্ৰমণ কৰে। মাৰপিত কৰাৰ পিছত পথৰ দাঁতিত পেলাই আক্ৰমণকাৰী পলায়ন কৰাৰ পাছত স্থানীয় ৰাইজে প্ৰত্যক্ষ কৰি চিকিৎসালয়ত ভৰ্তি কৰে । নিৰঞ্জন দাসৰ মূৰত যথেষ্ট আঘাত পোৱাত উন্নত চিকিৎসাৰ বাবে গুৱাহাটীলৈ প্ৰেৰণ কৰা বুলি জানিব পৰা গৈছে।

আনহাতে, গোলাঘাট জিলাৰ কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে সমগ্ৰ ঘটনাৰ ধিক্কাৰ দি ঘটনাৰ লগত জড়িত বিজেপি নেতা মৃণাল শইকীয়াৰ গুণ্ডাবাহিনীক কঠোৰ শাস্তিৰ দাবী জনায়। লগতে সমাগত নিৰ্বাচনক লক্ষ্য কৰি ভৱিষ্যতে এনে ঘটনা পুনৰ যাতে সংঘটিত নহয় তাৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনায়।

Exit mobile version