সকলো দিশতে অৱহেলিত আমবাৰী

azara1

সকলো দিশতে পিছপৰি থাকি চৰকাৰী কোনো সুবিধা নোপোৱাকৈ কোনো এটা অঞ্চলৰ ৰাইজে কেনেদৰে জীৱন নিৰ্বাহ কৰে সেয়া হয়তো আপুনি উপলব্ধি কৰিব পাৰিছে । স্বাধীনতাৰ ৭৪ বছৰ পাছতো কোনো সুবিধা নোপোৱাকৈ সমস্যাৰে জৰ্জৰিত হৈ পৰা এটা অঞ্চল ।

গুৱাহাটী মহানগৰীৰ পৰা কিছু আঁতৰৰ বৰঝাৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰৰ গাতে লাগি থকা আজাৰা ৰাজহ চক্ৰ এলেকাৰ আমবাৰী অঞ্চলৰ ৰাইজে পথ সংযোগৰ কোনো ব্যৱস্থা নোহোৱাকৈ দিন অতিবাহিত কৰিছে। যাৰ ফলত চিকিৎসা, খোৱাপানী, শিক্ষা, পৰিবহন আদি বিভিন্ন সমস্যাৰে জৰ্জৰিত হৈ থাকিবলগীয়া হৈছে। অঞ্চলটোত অস্থায়ীভাৱে যিটো পথ আছে সেয়াও বিমানবন্দৰৰ মাটি।

উক্ত মাটিৰ দুয়োফালে সীমাৰ দেৱাল নিৰ্মাণ কৰাৰ উপৰিও উত্তৰ আৰু দক্ষিণ দিশে বিমানবন্দৰৰ বিভাগীয় কাৰ্যালয়ো আছে। এই কাৰ্যালয়ৰ মাজৰ খালী ঠাইৰে সাময়িকভাৱে আহ-যাহ কৰে আমবাৰীবাসীয়ে।

অন্যহাতে, এলেকাটোত প্ৰাথমিক বিদ্যালয় নথকাৰ বাবে ছাত্ৰ-ছাত্ৰীসকলেও প্ৰায় দুই কিলোমিটাৰ পথ খোজকাঢ়ি প্ৰাথমিক বিদ্যালয়ত শিক্ষাগ্ৰহণ কৰিবলগীয়া হয়। পৰিবহণৰ ব্যৱস্থা উন্নত নোহোৱাৰ বাবে ৰোগীসকলৰো যথেষ্ট অসুবিধাৰ সন্মূখীন হয় ।

উল্লেখ্য যে, সকলো দিশতে অৱহেলিত আমবাৰীবাসীয়ে দীৰ্ঘদিনৰে পৰা বিশুদ্ধ খোৱা পানীৰো অভাৱত ভুগি আহিছে। চৰকাৰী আঁচনিসমূহে ঢুকি নোপোৱা এই অঞ্চলটোৰ ৰাইজে চৰকাৰৰ এনে অৱহেলা আৰু অমনোযোগীতাৰ বাবে ক্ষোভিত হৈ পৰিছে ।

Exit mobile version