১১৮ টা এপৰ লগতে দেশত নিষিদ্ধ হ’ল পাবজী

1WhatsApp 20Image 202020 08 14 20at 203.11.42 20PM

সীমান্তত ভাৰত চীনৰ উত্তেজনাৰ মাজতে ভাৰত চৰকাৰে প্ৰতিবন্ধকতা আৰোপ কৰিলে PUBG ত  ৷ আনহাতে চৰকাৰে PUBG ৰ লগতে ১১৮ টা চীনা মোবাইল এপপ নিষিদ্ধ কৰিছে ৷ আনহাতে কেন্দ্ৰীয় চৰকাৰৰ ফালৰ পৰা চীনৰ এপত প্ৰতিবন্ধকতা আৰোপ কৰা এয়াই প্ৰথম নহয় ।

ইয়াৰ পূৰ্বেও ভাৰতত ৫৯ টা এপপ নিষিদ্ধ হৈছিল । ইয়াৰ ভিতৰত আছিল যুৱক প্ৰজন্মৰ মাজত জনপ্ৰিয় টিকটক। ইয়াৰ পিছত চৰকাৰে ৪৭ টা এপ বেন কৰিছিল । এতিয়ালৈকে চৰকাৰে মুঠ ১১৮ একক ভাৰতত নিষিদ্ধ কৰিছে ৷ আইটি মন্ত্ৰণালয়ৰ ফালৰ পৰা জাৰি কৰা নিৰ্দেশানুযায়ী পাবজীৰ উপৰিও Baidu,APUS আদিৰ দৰে এপও চৰকাৰে নিষিদ্ধি কৰিছে ৷

উল্লেখযোগ্য যে জুনৰ অন্তত চৰকাৰে টিকটকৰ লগতে Shareit, UC Browser, Shein, Club Factory, Clash of king, Helo, VMate আদিৰ দৰে এপক নিষিদ্ধ কৰিছিল ভাৰতে ৷ আনহাতে চৰকাৰৰ ফালৰ পৰা জুলাইত ৪৭ টা এপপ নিষিদ্ধ কৰিছিল ৷ কাৰণ এনেধৰণৰ এপৰ দ্বাৰা দেশৰ সুৰক্ষা, অখণ্ডতা, সাৰ্বভৌমত্বৰ প্ৰতি ভাবুকি আহিব পাৰে বুলি দাবী কৰিছিল চৰকাৰে ৷

ইপিনে আজি নিষিদ্ধ কৰা এপসমূহৰ ভিতৰত আছে-

Camcard business
Pitu
CyberHunter
CyberHunterlite
Samart Applock
Music Mp3 player
Cleaner Phone booster
WebBrower
Photo Gallary H D and Editor আদি ৷

Exit mobile version