ৰাছিয়াত মহিলাৰ মুখেৰে সোমাল চাৰি ফুট দীঘল সাপ

Screenshot 41

শুই থকা অৱস্থাতে মহিলা এগৰাকীৰ মুখেৰে সোমাই গ’ল এডাল প্ৰকাণ্ড সাপ । ৰাছিয়াৰ কাচপিয়ান সাগৰৰ ওচৰৰে দাগেস্তান অঞ্চলৰ এখন গাঁৱত সংঘটিত হ’ল এই আলোড়নকাৰী ঘটনাটো । অৱশ্যে চিকিৎসকৰ কষ্টসাধ্য প্ৰয়াসত ৰক্ষা পৰিল মহিলাগৰাকী । চিকিৎসকৰ এই প্ৰয়াসেৰে প্ৰস্তুত হ’ল এটি ভিডিঅ’ আৰু ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰাৰ লগে লগে ভাইৰেল হৈ পৰিল ভিডিঅ’টো ।

ভিডিঅ’টোত দেখিবলৈ পোৱা গৈছে মহিলা গৰাকীৰ মুখৰ পৰা এডাল প্ৰায় চাৰি ফুট দীঘল সাপ বাহিৰ কৰি অনা হৈছে । ভিডিঅ’টোত ডুবাইস্থিত এখন সংবাদ পত্ৰ ‘আল বায়ান নিউজ’ৰ টুইটাৰযোগে ছ’চিয়েল মিডিয়াৰ জগতখনত উপলব্ধ হৈছে ।

মহিলাগৰাকীৰ মুখত ক’লা পাইপৰ দৰে এটি চিকিৎসা যন্ত্ৰ প্ৰৱেশ কৰোৱা হৈছে । ইয়াৰ পাছত যন্ত্ৰটো লাহে লাহে টানি বাহিৰ কৰা হৈছে । যন্ত্ৰটো সম্পূৰ্ণভাৱে উলিয়াই অনাৰ পাছত দেখিবলৈ পোৱা গৈছে এডাল সাপ ।যন্ত্ৰটোৰ সন্মুখছোৱাত সাপডাল আবদ্ধ হৈ আছে ।

উল্লেখ্য যে মহিলাগৰাকীয়ে শুই থকা অৱস্থাত সাপডাল মুখেৰে সোমাই গৈছিল যদিও মহিলাগৰাকীয়ে ইয়াৰ ভূকে পোৱা নাছিল । পৰৱৰ্তী সময়ত মহিলাগৰাকী অসুস্থ হৈ পৰাত হাস্পতালত ভৰ্তি কৰোৱা হয় । হাস্পতালত পৰীক্ষা কৰাৰ পাছতহে পেটত কিবা এটি থকাটো নিশ্চিত হয়।

মহিলাগৰাকীৰ পেটৰ ভিতৰত সাপ থকাৰ সন্দৰ্ভত অৱশ্যে চিকিৎসকে প্ৰথম অৱস্থাত জানিব পৰা নাছিল । চিকিৎসকে সাপডাল উলিওৱাৰ সময়ত মহিলাগৰাকীক চেতনাহীন কৰি লৈছিল । এই ঘটনাটোৰ পাছত স্থানীয় প্ৰশাসনে অঞ্চলটোত সকলোকে সতৰ্ক কৰি দিয়াৰ লগতে বিশেষকৈ শিশু আৰু বয়োজ্যেষ্ঠ লোকসকলক সাৱধানে থকাৰ পৰামৰ্শ দিছে ।

Exit mobile version