ৰাফেল বিমান উৰণত বাধা দিছে পক্ষীয়ে

xrafale

অম্বালা এয়াৰ ফৰ্চ ষ্টেচনত চৰাই চিৰিকতিৰ কাৰণে যিকোনো মুহুৰ্ততে সংঘটিত হ’ব পাৰে দূৰ্ঘটনা । এই সন্দৰ্ভত এয়াৰ মাৰ্চেল মহেন্দ্ৰ সিঙে হাৰিয়ানাৰ মুখ্যমন্ত্ৰীলৈ এখন পত্ৰ লিখে । তেওঁ কয় যে এয়াৰফৰ্চ ষ্টেচনৰ আশে পাশে পক্ষীৰ অত্যাধিক বিচৰণে এয়াৰক্ৰাফ্টৰ কাৰণে যিকোনো মূহুৰ্ততে বিপদজনক হৈ পৰিব পাৰে ৷

এয়াৰ মাৰ্চেল মহেন্দ্ৰ সিঙে পত্ৰখনত লিখে যে এয়াৰ ফিল্ডৰ পৰা সৰু-বৰ সকলো পক্ষীক আঁতৰাই ৰাখিব লাগে ৷ ইয়াৰ কাৰণে সেই অঞ্চলত প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰাটো উচিত । আনহাতে যিকোনো মূহুৰ্তত চৰাই আৰু এয়াৰক্ৰাফ্ট মুখামুখি সংঘৰ্ষৰ সৃষ্টি কৰিব পাৰে ৷ ইয়াৰ দ্বাৰা এই এয়াৰক্ৰাফ্টৰ বৃহৎ ক্ষতিৰ সন্মুখীন হ’ব ৷

ইয়াৰ কাৰণে অম্বালা এয়াৰফৰ্চ ষ্টেচনৰ এয়াৰ অফিচাৰ Aerodrome Environment Menagement Committeeৰ কে’বাখনো বৈঠকত অতিৰিক্ত নগৰ নিগম আৰু যুটীয়া উপায়ুক্তৰ লগত মিলিত হৈছিল ।

ইফালে অম্বালা এয়াৰফৰ্চতে দেশৰ পাঁচখন যুদ্ধ বিমান ৰখা হৈছে । ফান্সৰ লগত হোৱা চুক্তি অনুসৰি ৩৬ খন ৰাফেল বিমান সাজু আছে ৷ আৰু বাকী পাঁচখন বিমান জুলাইৰ অন্তত ভাৰতলৈ আহিছে ৷ ছেপ্তেম্বৰত এই ৰাফেল বিমানসমূহৰ আনুষ্ঠানিকভাৱে এয়াৰফৰ্চত অন্তৰ্ভুক্ত কৰা হ’ব ।

Exit mobile version