চিৰাঙৰ ভাৰত-ভূটান সীমান্তৰ দেউশ্ৰীৰ অক্সিগুৰিত বন্যহস্তীৰ হত্যা

4d9e017e a3b5 4c4a b311 00180201c906

চিৰাঙৰ ভাৰত-ভূটান সীমান্তৰ দেউশ্ৰিৰ অক্সিগুৰিত সংঘটিত হৈছে বনৰীয়া হাতী হত্যাৰ ঘটনা । মানাস ৰাষ্ট্ৰীয় উদ্যানৰ পৰা ওলাই অহা প্ৰায় ৪০ বছৰীয়া নিহত বনৰীয়া মাইকী হাতী জনীৰ গাত গুলীবিদ্ধ হোৱাৰ চিন স্পষ্ট হোৱাৰ লগতে ওচৰত উদ্ধাৰ হৈছে দুটাকৈ গুলিৰ খালি কাৰ্টুজ ।

চিৰাং বন সংমণ্ডল বিষয়া ব্ৰহ্মানন্দ পাতিৰীয়ে জনায় যে যোৱা নিশাই সংঘটিত হোৱা এই হাতী মৃত্যুৰ তথ্য পোহৰলৈ আহে আজি দুপৰীয়াৰ ভাগত । তাৰ পিচতে বন বিভাগৰ লোক ঘটনাস্থলীত উপস্থিত হয়। মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ পৰা পশু চিকিৎসকৰ দল ঘটনাস্থলীত উপস্থিত হৈ মৃত হাতীজনীৰ মৰণোত্তৰ পৰীক্ষা কৰে । আৰু হাতীটোৰ আজি নিশাই সৎকাৰৰ ব্যৱস্থা কৰিব বন বিভাগে ।

বন বিভাগৰ লোকে বনৰীয়া হাতী জনীক কোনে কিয় হত্যা কৰিলে এই বিষয়ে অভিযান অব্যাহত ৰাখিছে ।কিছুদিন পূৰ্বে বন বিভাগ আৰু আৰক্ষীয়ে যৌথ ভাৱে অভিযান চলাই চাৰিটা হাতী দাতৰ লগতে দুজনকৈ লোকক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছিল । এই খিনিতে প্ৰশ্ন হয় যে হাতীদাঁতৰ ব্যৱসায়ৰ লগতে হাতীৰ অন্যান্য অংগৰ ব্যৱসায়ো হয় নেকি ? সেই বিষয়েও বন বিভাগে অনুসন্ধান অব্যাহত ৰাখিছে । মুঠতে মানাস ৰাষ্ট্ৰীয় উদ্যানৰ পৰা ওলাই অহা বনৰীয়া হাতী হত্যাৰ বিষয়টো বন বিভাগৰ লগতে চিৰাং জিলাৰ ভাৰত-ভূটান সীমান্তত চাঞ্চল্যৰ সৃষ্টি কৰিছে ।

Exit mobile version