স্বাভাৱিক জীৱনযাত্ৰালৈ অগ্ৰসৰ হ’লে বিপদৰ ইংগিতঃ “হু”ৰ মুৰব্বী

D.Fidler CoV WHO 4.10.20 RTS38CB9 THREE TWO

নিশাৰ ভিতৰতে তলাবন্ধ প্ৰত্যাহাৰ কৰি জীৱনযাত্ৰা স্বাভাৱিক কৰি দিলে পুনৰ নামি আহিব বিপৰ্যয় । এইদৰেই সতৰ্ক কৰি দিলে বিশ্ব স্বাস্থ্য সংস্থা অৰ্থাৎ হুৰ সঞ্চালকপ্ৰধান ট্ৰেড’ছ আধানম ঘ্ৰেব্ৰিয়াছাছে ৷ ভাৰতত ইতিমধ্যে আনলক ৪ আৰম্ভ হৈছে ৷

হুৰ সঞ্চালকপ্ৰধান ঘেব্ৰিয়াছাছে কয় “দ্ৰুততাৰে জীৱনযাত্ৰা স্বাভাৱিক কৰি দিয়া প্ৰক্ৰিয়াই বিপৰ্যয়ই মাতি আনিব পাৰে । যিসমূহ দেশে এই ভাইৰাছক নিয়ন্ত্ৰণত আনিব পাৰিছে, কেৱল তেওঁলোকেহে জীৱনযাত্ৰা স্বাভাৱিক কৰাৰ পথত আগবাঢ়িব পাৰে ৷ হু’ৰ সঞ্চালক প্ৰধানজনে লগতে কয় যে যিসকলে সচাঁকৈয়ে সকলোবোৰ স্বাভাৱিক কৰিব বিচাৰে তেওঁলোকৰ সংক্ৰমণ হ্ৰাসৰ ইচ্ছাও থাকিব লাগিব ।

আনহাতে হু ৰ তৰফৰ পৰা আগতেই কোৱা হৈছিল যে তলাবন্ধ প্ৰত্যাহাৰ কৰিবলৈ চূড়ান্ত নিৰীক্ষণৰ প্ৰয়োজন । বিধি নিষেধ শিথিল হোৱাৰ পিছতো সাৱধানতা অৱলম্বন নকৰিলে কৰ’না ভাইৰাছ পুনৰ দ্ৰুতগতিৰে বিয়পি পৰিব পাৰে ।কিন্তু সম্প্ৰতি দেখা গৈছে যে ইটালীসহ সমগ্ৰ ইউৰোপতেই আগৰ তুলনাত কৰ’নাত প্ৰভাৱ যথেষ্ট কম। সেয়ে সমগ্ৰ ইউৰোপতেই তলাবন্ধ খুলি লাহে লাহে স্বাভাৱিক জীৱন যাত্ৰালৈ উভতিবলৈ বিচাৰিছে ।

ইপিনে কৰ’নাৰ প্ৰভাৱে হ্ৰাসৰ কোনো ইংগিত নোপোৱা সত্ত্বেও ভাৰতে তলাবন্ধ প্ৰত্যাহাৰৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে ৷ ইয়াৰ মাজতে হু’ৰ এই নতুন সতৰ্কবাৰ্তাই নিঃসন্দেহে সাধাৰণ লোকৰ চিন্তা বৃদ্ধি কৰিব ৷ বিশেষকৈ এই মূহুৰ্তত ভাৰতত যি অভিলেখ হাৰত সংক্ৰমণ হৈছে তাক লৈ অধিক উদ্বেগ বৃদ্ধি পাইছে বিশেষজ্ঞ মহলত।

উল্লেখযোগ্য যে দেশত কৰ’নাত আক্ৰান্তৰ সংখ্যাই ৩৭ লাখ অতিক্ৰম কৰিলে ৷ সম্প্ৰতি দেশত কৰ’নাত আক্ৰান্ত হৈছে ৩৭,৩২,২৭৭ জন লোক ৷ ভিতৰত সুস্থ হৈ উঠিছে ২৮,৭১,৫৫১ জন লোক ৷ চিকিৎসাধীন হৈ আছে ৭,৯৪,১৯৭ জন ৷ আৰু মৃত্যু হৈছে ৬৫,৯০৫ জন লোকৰ৷

Exit mobile version