অদক্ষ দুৰ্নীতিগ্ৰস্ত বিষয়াক বিদায় দিব চৰকাৰে

Screenshot 46

দুৰ্নীতিগ্ৰস্ত আৰু অদক্ষ বিষয়াক উৎখাত কৰিবলৈ লৈছে কেন্দ্ৰীয় চৰকাৰে।কেন্দ্ৰীয় চৰকাৰে সকলো মন্ত্ৰণালয় তথা বিভাগক ৫০ৰ পৰা ৫৫ বছৰ বয়সৰ ইতিমধ্যে ৩০ বছৰ চাকৰিয়াল পাৰ কৰা চৰকাৰী বিষয়াৰ তথ্য এখন পঞ্জীয়ন বহীত অন্তৰ্ভুক্ত কৰিবলৈ কৈছে ।

নৰেন্দ্ৰ মোদী চৰকাৰে দুৰ্নীতিগ্ৰস্ত আৰু অদক্ষ চিনাক্ত হোৱা বিষয়াসকলৰ বাধ্যতামূলক অথবা আগতীয়া অৱসৰৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব দি আহিছে । বিগত বর্ষত চৰকাৰে দুৰ্নীতি আৰু যৌন নিৰ্যাতনকে ধৰি বিভিন্ন অভিযোগত লিপ্ত ৫০জন ভাৰতীয় ৰাজসেৱা বিষয়াক বাধ্যতামূলক অৱসৰ যাবলৈ দিয়ে । ইয়াৰ অংশৰূপে এই শেহতীয়া নিৰ্দেশ দিয়া হৈছে ।

সূত্ৰত প্ৰকাশ যে এনে সন্দেহজনক বিষয়াৰ নাম পুনৰীক্ষণ আৰু প্ৰতিনিধিত্ব কমিটী লৈ প্ৰেৰণ কৰা হ’ব । নিৰ্দেশৰ মতে, এই গ্ৰুপৰ বিষয়াসকল ভাৰতীয় প্ৰশাসনীয় বিষয়া আৰু ভাৰতীয় আৰক্ষী বিষয়াৰ ক্ষেত্ৰত এই কমিটী এনে সেৱাৰ নিয়ন্ত্ৰক কৰ্তৃপক্ষৰ সচিবৰ দ্বাৰা গঠিত হ’ব । এই কমিটীৰ মূল কাম হ’ব সন্দেহজনক বিষয়া অথবা অধ্যক্ষ বিষয়াৰ আগতীয়া অৱসৰৰ অনুমোদন দিয়াটো।

ইপিনে কেবিনেটে অসামৰিক সেৱা বিষয়া সকলৰ বাবে ‘মিছন কৰ্মযোগী’ নামৰ এক দক্ষতা বৃদ্ধিৰ কাৰ্যসূচী গ্ৰহণ কৰিছে । ইয়াৰ জৰিয়তে বিষয়া সকলক সমাজৰ প্ৰত্যাহ্বান গ্ৰহণৰ বাবে প্ৰশিক্ষণ দিয়া হ’ব ।

Exit mobile version