এন্টাৰ্কটিকাত একে সময়তে গলিবলৈ লৈছে দুটাকৈ স্তৰৰ বৰফ

Screenshot 45

এন্টাৰ্কটিকাৰ পৰিস্থিতি ক্ৰমাৎ অৱনতিৰ ফালে ধাৱমান হৈছে । এন্টাৰ্কটিকাত প্ৰায় একে সময়তে বৰষুণৰ দুটাকৈ স্তৰ গলিবলৈ আৰম্ভ কৰিবলৈ লোৱাত বিজ্ঞানী সকলে মূৰত হাত দিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে । শেহতীয়া এক গৱেষণাত উদ্বেগজনক তথ্য লাভ কৰা হৈছে । এই বৃহৎ সংখ্যক বৰফ গলাৰ ফলত সমুদ্ৰৰ জলস্তৰ অভিলেখ সৃষ্টিৰে বৃদ্ধি পাবলৈ লৈছে ।

উল্লেখ্য যে ২০০৭ ৰ পৰা ২০১৭ এন্টাৰ্কটিকাত ব্যাপক হাৰত বৰফ গলিছে ।এনে কাৰণত সমুদ্ৰৰ জলক্ষেত্ৰ ৬৫-৭০মিটাৰ লৈ বৃদ্ধি পায় । এই তথ্য প্ৰকাশৰ পাছতে উদ্বিগ্নতা অধিক বৃদ্ধি পায় । এনেদৰেই আগবাঢ়িলে চলিত শতিকাৰ শেষলৈ হয়তো বিশ্বত বৰফাবৃত অঞ্চলৰ কোনো অস্তিত্ব নাথাকিবগৈ । একমাত্ৰ যোৱা এটা বছৰতে মেৰু অঞ্চলত ৫৩২ বিলিয়ন টন বৰফ গলিছে ।

ইয়াৰ প্ৰভাৱ পৰিছে বিশ্বৰ উপকূলৱর্তী অঞ্চলৰ বাসিন্দাসকলৰ ওপৰত ।চলিত শতিকাৰ মাজভাগলৈ ইয়াৰ ফলত বিশ্বৰ পাঁচকোটিতকৈ অধিক লোক বানাক্ৰান্তৰ তালিকাভুক্ত হ’ব পাৰে । এনেদৰে বৰফ গলি থকা পৰিবেশক লৈ অতি শীৰ্ঘ্ৰে কোনো সিদ্ধান্ত নিৰ্ধাৰণ কৰিব নোৱাৰিলে বিশ্বই বৃহৎ প্ৰতিকূল পৰিৱেশৰ সন্মুখীন হোৱাটো নিশ্চিত।

Exit mobile version