চাওঁ আহক কেইটামান গুৰুত্বপূৰ্ণ খবৰ
শীঘ্ৰেই জম্মু-কাশ্মীৰত চৰকাৰী ভাষাৰ মৰ্যাদা পাব হিন্দী ভাষাই । কেন্দ্ৰীয় কেবিনেটে আজি এই সম্পৰ্কীয় প্ৰস্তাৱত অনুমোদন জনায়। এই সন্দৰ্ভত সদৰী কৰে কেন্দ্ৰীয় মন্ত্ৰী প্ৰকাশ জাভেদকাৰে ৷
কৰ’না মহামাৰীৰ পৰিপ্ৰেক্ষিতত চলিত নাট্যবৰ্ষত নাট প্ৰদৰ্শন বাতিলৰ সিদ্ধান্ত গ্ৰহণ কৰিছে সদৌ অসম ভ্ৰাম্যমাণ থিয়েটাৰ প্ৰযোজক সন্থাই। এই মন্তব্য সন্থাৰ সভাপতি নজৰুল ইছলাম, যুটীয়া সম্পাদকদ্বয় সুবোধ মজুমদাৰ আৰু ক্ষিৰোদ খনিকৰৰ৷লগতে তেওঁলোকে চৰকাৰ আৰু ৰাইজৰ সহায় সহযোগ বিচাৰিছে।
বিগত২৪ ঘণ্টাত ৰাজ্যত মুঠ ৪৭,৭৪৪টা ক’ভিড টেষ্টৰ ভিতৰত ৩,৫৫৫ জনৰ কৰ’না পজিটিভ ধৰা পৰে । আক্ৰান্তসকলৰ ভিতৰত কামৰূপৰ ৯২৪, নগাঁওত ২৩৬, ডিব্ৰুগড়ত ২১৩ জন আৰু বাক্সাত ২০০ জন৷আনহাতে ৰাজ্যত মুঠ কৰ’নাত আক্রান্তৰ সংখ্যা ১,১৫,২৭৯ জনলৈ বৃদ্ধি পাইছে ৷
ক’ভিড-১৯ ত আক্ৰান্ত হৈছে সাংসদ তপন গগৈ । এন্টিজেন টেষ্টত তেওঁৰ দেহত ধৰা পৰে এই মাৰাত্মক ভাইৰাছৰ উপস্থিতি। বৰ্তমান তেওঁ গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হৈ আছে।
মালিগাঁৱত পুনৰ দ্বিতীয়বাৰৰ কাৰণে পিঞ্জৰাবদ্ধ হ’ল এটা প্ৰকাণ্ড নাহৰফুটুকী। কিছু দিন পূৰ্বে একেটাই স্থানত পিঞ্জৰাবদ্ধ হৈছিল এটা নাহৰফুটুকী৷বিভাগীয় মন্ত্ৰী আৰু বিষয়াসকলৰ তৎপৰতাত নাহৰফুটুকী বাঘটোক আৱদ্ধ কৰিবলৈ সক্ষম হৈছে ৷