চাৰিটা পাতৰ এজোপা গছ

1597632101467

যদি আপোনাৰ ওচৰত ৪ লাখ টকা থাকে ,তেন্তে আপুনি সেই টকাৰে এখন গাড়ী ক্ৰয় কৰিব নাইবা ফুৰিবলৈ যাব৷কিন্তু আপুনি জানি আচৰিত হ’ব যে নিউজিলেণ্ডত মাত্ৰ চাৰিটা গছৰ পাতৰ মূল্য চাৰি লাখ টকা ৷এই চাৰিটা পাতৰ গছজোপাক কোৱা হয় Rhaphidophora Tetrasperma ৷ইয়াক Philodendron Minima বুলিও জনা যায় ৷এই গছ জোপাৰ চাৰিটা পাতৰ প্ৰত্যেকবাৰেই এটা এটা পাতৰ হালধীয়া ৰঙটোৰ পৰিৱৰ্তন হয়।

আনহাতে এই গছজোপাক বিক্ৰী কৰা ব্যৱসায়িক প্ৰতিষ্ঠান Trade Me য়ে নিজৰ চাইটত লিখে যে”এই গছজোপাৰ হালধীয়া ৰঙৰে চাৰিটা পাত আছে। বিশেষজ্ঞৰ মতে” সেউজীয়া ৰঙৰ পাতে গছজোপাক সালোক সংশ্লেষণৰ সুবিধা প্ৰদান কৰে ।হালধীয়া ৰঙৰ পাতে বিকাশ আৰু প্ৰসাৰৰ কাৰণে শৰ্কৰাৰ উৎপাদন কৰে।

সম্পূৰ্ণৰূপে সেউজীয়া ৰঙৰ পাতে ভৱিষ্যতে কিমান পৰিৱৰ্তন হ’ব সন্দৰ্ভত নকৈ ক’ব নোৱাৰি ৷কিন্তু এই গছজোপাত ইমান বৃহৎ সংখ্যক ধন ব্যয় কৰা যিকোনো ব্যক্তিৰে গছৰ বিষয়ে বহুত জ্ঞান থাকিব লাগিব ৷

Exit mobile version