চীন ভাৰতৰ সীমান্ত সন্দৰ্ভত আলোচনাই একমাত্ৰ পথঃ কেন্দ্ৰ

lh16qan4 ladakh india

লাডাখত ভাৰত আৰু চীনৰ মাজত উত্তেজনা বৃদ্ধি পাইছে। চীনে পুনৰ শনিবাৰে আৰু সোমবাৰে নিশা ভাৰতৰ সীমান্তত প্ৰবেশৰ চেষ্টা কৰে যদিও ভাৰতীয় সেনাই এইয়া বাস্তৱক ৰূপায়িত হ’বলৈ নিদিলে ৷ ইয়াৰ মাজতে ভাৰত চীনৰ সম্পৰ্কক লৈ দুয়োখন দেশৰ মাজত কামাণ্ডাৰ পৰ্যায়ৰ বৈঠক অনুষ্ঠিত হৈ আছে ।

লগতে কেন্দ্ৰত অনুষ্ঠিত হৈছে ইখনৰ পিছত সিখন বৈঠক ৷ আনহাতে বৈদেশিক মন্ত্ৰণালয়ৰ প্ৰবক্তা ৰবিশ কুমাৰে কয় যে ভাৰত চীন সীমান্তৰ পৰিস্থিতিক লৈ কামাণ্ডাৰসকলে পৰিস্থিতি সুস্থিৰ কৰিবলৈ চেষ্টা কৰি আছে ৷ লগতে বিষয়াসকলে অতি দায়িত্বশীলতাৰে এই সমগ্ৰ বিষয়টো অধ্যয়ন কৰিব ৷লগতে দুয়োপক্ষৰ শান্তিৰ কাৰণে কাম কৰিব বুলিও মন্তব্য কৰে।

ইফালে শেহতীয়া খবৰ অনুসৰি চীনৰ চৰকাৰী কাকত গ্ল’বেল টাইমছত প্ৰকাশ পোৱা অনুসৰি চীনে ১৯৬২ ৰ যুদ্ধ সোৱৰাই কয় যে চীনা সৈন্যৰ পৰা ভাৰতে নিজৰ ৰক্ষা কৰিব নোৱাৰে।

আনহাতে,সেনাৰ বিষয়া বিপিন ৰাৱতে বৃহস্পতিবাৰে পাকিস্তানক সকিয়নী দিয়ে যে যিকোনো বিপদৰ কাৰণে আমি সম্পূৰ্ণ সাজু আছো ৷

পাকিস্তানক সকিয়নী দিয়াৰ পূৰ্বে সেনাপ্ৰধান বিপিন ৰাৱটে চীনক সকিয়নী দি কৈছিল যে যদি আলোচনাৰ মাজেৰে চীন শান্ত নহয় তেন্তে ইয়াৰ কাৰণে বিকল্প ব্যৱস্থা গ্ৰহণ কৰা হ’ব ।

উল্লেখযোগ্য যে ভাৰতীয় সেনাৰ মত অনুসৰি চীনে পাহাৰীয়া অঞ্চলসমূহত কেমেৰাকে ধৰি সকলোধৰণৰ যাৱতীয় যন্ত্ৰ পাতি ভাৰতৰ ওপৰত তীক্ষ্ণ দৃষ্টি ৰাখিবলৈ সাজু কৰি থৈছিল ।কিন্তু ভাৰতীয় সেনা চীনৰ কেমেৰাকে ধৰি এই সমূহ যন্ত্ৰলৈ কেৰেপ নকৰি বিবাদিত অঞ্চল নিজৰ অধীনলৈ আনে ৷ইয়াৰ পিছতে চীনে ভাৰতীয় সেনাই অধীনলৈ অনা স্থানৰ পৰা কেমেৰাকে আদি কৰি সকলো বস্তু আঁতৰাই আনে ।যদিও ইতিমধ্যে দেশ দুখনৰ সেনাৰ মাজত সংঘৰ্ষ লগাৰ খবৰে সকলোকে উদ্বিগ্ন কৰি তুলিছে।

Exit mobile version