লাডাখৰ শেহতীয়া পৰিস্থিতি বুজ ল’বলৈ লাডাখত উপস্থিত ভাৰতীয় সেনাৰ মুৰব্বী

13armychief

আগ্ৰাসনী চীনৰ  বিৰুদ্ধে ভাৰতীয় সেনাৰ প্ৰস্তুতি কেনে? সেই সম্পৰ্কে খবৰ ল’বলৈ আজি দুদিনীয়া ভ্ৰমণসূচীৰে লাডাখলৈ গ’ল ভাৰতীয় সেনাৰ মুৰব্বী এম নৰ’ভানে ।  লাডাখত উপস্থিত হৈ তেওঁ সেনাৰ উচ্চ পদস্থ বিষয়াসকলৰ সৈতে আলোচনাত মিলিত হৈ সীমান্তৰ পৰিস্থিতিৰ বুজ লয়। ইপিনে সেনা প্ৰধান গৰাকীয়ে কাইলৈ সীমান্তৰ বহু স্পৰ্শকাতৰ অঞ্চল ভ্ৰমণ কৰিব বুলি জানিব পৰা গৈছে।

ইপিনে ১৫ জুনত লাডাখৰ গালোৱান উপত্যকাত চীনৰ সেনাই আক্ৰমণ চলাই ২০ জন ভাৰতীয় জোৱান শ্বহীদ হোৱা পিছত বিগত কিছুদিন ধৰি দুয়োখন দেশৰ মাজত আলোচনা চলি আছিল । এনে সময়তে পুনৰ ২৯ আগষ্টত চীনে পূব লাডাখত সোমাবলৈ চেষ্টা কৰে যদিও ভাৰতীয় সেনাই সেয়া বাস্তৱত ৰূপায়িত হ’বলৈ নিদিলে ৷

ইয়াৰ পিছতে চীনা সৈন্যৰ ভাৰতৰ সীমা আগ্ৰাসনৰ দুদিন পিছতে ভাৰতীয় সেনাই সদৰী কৰে যে লাডাখৰ পাংগং হ্ৰদত সম্পূৰ্ণৰূপে ভাৰতৰ অধীনত আছে ৷ ইয়াৰ বহু ঠাইত ভাৰতীয় আৰ্মীয়ে তীক্ষ্ণ দৃষ্টি ৰাখিছে৷ লগতে ভাৰতীয় সেনা কয় “এল অ চিক লৈ ভাৰতৰ স্থিতি দৃঢ় আছে কাৰণেই সম্প্ৰতি ভাৰতীয় সেনাই নিজৰ দায়িত্ব পালন কৰিছে ৷”

আনহাতে ভাৰতীয় সেনাৰ মত অনুসৰি চীনে পাহাৰীয়া অঞ্চলসমূহত কেমেৰাকে ধৰি সকলোধৰণৰ যাৱতীয় যন্ত্ৰ পাতি ভাৰতৰ ওপৰত তীক্ষ্ণ দৃষ্টি ৰাখিবলৈ সাজু কৰি থৈছিল । কিন্তু ভাৰতীয় সেনা চীনৰ কেমেৰাকে ধৰি এই সমূহ যন্ত্ৰলৈ কেৰেপ নকৰি বিবাদিত অঞ্চল নিজৰ অধীনলৈ আনে ৷

ইয়াৰ পিছতে চীনে ভাৰতীয় সেনাই অধীনলৈ অনা স্থানৰ পৰা কেমেৰাকে আদি কৰি সকলো বস্তু আঁতৰাই আনে । যদিও ইতিমধ্যে দেশ দুখনৰ সেনাৰ মাজত সংঘৰ্ষ লগাৰ খবৰে সকলোকে উদ্বিগ্ন কৰি তুলিছে।

Exit mobile version