৫০বছৰ পাছত ইণ্ডোনেছিয়াৰ অৰণ্যত সন্ধান সুৰীয়া কুকুৰৰ

Screenshot 47

নিউগিনি ছিংগিং ডগ । পশুপ্ৰেমীসকলৰ ওচৰত এই নামেৰেই পৰিচিত মৰম লগা কুকুৰটো । বিৰল প্ৰজাতিৰ এই কুকুৰটোৰ কেইটামান সম্প্ৰতি বিভিন্ন চিৰিয়াখানা অথবা সংৰক্ষণ কেন্দ্ৰত থাকিলেও বনাঞ্চলৰ পৰা এনে কুকুৰ অবলুপ্ত হোৱা বুলিয়েই ধাৰণা কৰা হৈছিল । কিন্তু শেহতীয়াকৈ ইণ্ডোনেছিয়াৰ পাপুৱাৰ অৰণ্যত এই কুকুৰৰ প্ৰজাতিৰ সন্ধান লাভ কৰিছে গৱেষকসকলে ।

সমগ্ৰ বিশ্বত এই সুৰীয়া কুকুৰৰ সংখ্যা সম্প্ৰতি প্ৰায় দুই শতাধিক হ’ব । প্ৰায় ৫০ বছৰৰ পাছত প্ৰাকৃতিক বাসস্থানত এই বিৰল প্ৰজাতিৰ কুকুৰ দেখিবলৈ পোৱা গৈছে । নিউগিনি হাইলেণ্ড ৱাইল্ড ডগ ফাউণ্ডেছনৰ এটি গৱেষকৰ দলে চাৰি বছৰ পূৰ্বেই পাপুৱাৰ পুনকাক অঞ্চলত এনে কুকুৰৰ সন্ধানত এক অভিযান চলাবলৈ গৈছিল । সেই সময়তে গৱেষকৰ দলটোৱে নিউগিনি ছিংগিং ডগৰ সুৰীয়া স্বৰ শুনিবলৈ পাইছিল ।

ইয়াৰ প্ৰায় দুবছৰৰ পাছত অঞ্চলটোত নিউগিনি ছিংগিং ডগৰ দৰে সুৰীয়া স্বৰৰ কুকুৰৰ তেজৰ নমুনা সংগ্ৰহ কৰে । এই তেজৰ নমুনাৰ ‘জিন’ পৰীক্ষা কৰাৰ পাছতে সুৰীয়া কুকুৰৰ লগত এই জিনৰ ব্যাপক মিল দেখিবলৈ পায় ।ভিন্ন প্ৰজাতিৰ লগত প্ৰজননৰ ফলত শৰীৰৰ আকৃতিগত কিছু পৰিৱৰ্তন হ’লেও বাকী জিন প্ৰায় একে অৱস্থাতে লাভ কৰা হয় ।

বাস্তৱত এই প্ৰজাতিৰ কুকুৰৰ নিজ প্ৰাকৃতিক বাসস্থানত এতিয়াও বিলুপ্ত হোৱা নাই । নিউগিনি ছিংগিং ডগৰ পৰাই যে হাইলেণ্ড ৱাইল্ড ডগৰ উৎপত্তি হৈছে সেই কথাত গৱেষকসকল প্ৰায় নিশ্চিত । অৱশ্যে অধিক গৱেষণাই সুৰীয়া কুকুৰৰ সন্দৰ্ভত নতুন নতুন তথ্য পোহৰলৈ অহাৰ আশা কৰা হৈছে ।

Exit mobile version