অক্সফ’ৰ্ডৰ ক’ভিড প্ৰতিষেধক ইছলামৰ বাবে ‘হাৰাম’

Screenshot 49

অক্সফ’ৰ্ডৰ ক’ভিড-১৯ প্ৰতিষেধক গ্ৰহণ কৰাটো ইছলামৰ বাবে ‘হাৰাম’।অষ্ট্ৰেলিয়াৰ এজন আগশাৰীৰ ইমামে এই মন্তব্য কৰিছে । ইমামজনে একমাত্ৰ ক’ভিড-১৯ প্ৰতিষেধকৰ বিৰুদ্ধে মন্তব্য কৰিয়েই বহি থকা নাই ।তেওঁ এই প্ৰতিষেধক বৰ্জন কৰিবলৈকো আহ্বান জনাইছে।ইমাম জনে দাবী কৰা অনুসৰি গৰ্ভপাত কৰা ভ্ৰূণৰ কোষেৰে এই প্ৰতিষেধক প্ৰস্তুত কৰা হয় ।

ছুফিয়ানা খালিফা নামৰ অষ্ট্ৰেলিয়াৰ ইমামজনৰ এই দাবীক লৈ এতিয়া দেশখনত খলকনিৰ সৃষ্টি হৈছে । এই মুহূৰ্তত সমগ্ৰ বিশ্বত প্ৰতিষেধক প্ৰস্তুতৰ দৌৰত সকলোতকৈ আগত আছে অক্সফ’ৰ্ডৰ দ্বাৰা পৰীক্ষাৰ পৰ্যায়ত থকা ‘কভিশ্বিল্ড’ । ইতিমধ্যে বিশ্বৰ বিভিন্ন দেশে এই প্ৰতিষেধক ক্ৰয় কৰিবলৈ চুক্তিও সম্পন্ন কৰিছে ।

আঢ়ৈ কোটি প্ৰতিষেধকৰ পালি ক্ৰয় ৰ বাবে অষ্ট্ৰেলিয়াই অগ্ৰিম ধনো প্ৰদান কৰিছে । এনে এক অৱস্থাৰ মাজতে দেশখনৰ ইমামে অক্সফ’ৰ্ডৰ প্ৰতিষেধকৰ বিৰুদ্ধে উঠিপৰি লাগিছে । অৱশ্যে এই ক্ষেত্ৰত কেথলিকসকলেও বিৰোধ কৰিছে ।

Exit mobile version