দিল্লীত উচ্ছেদ কৰা হ’ব ৪৫,০০০ জুপুৰিঃ উচ্চতম ন্যায়ালয়

jhuggiAP 0

কৰ’নাৰ মাজতে উচ্চতম ন্যায়ালয়ে দিছে এক বিশেষ নিৰ্দেশ ৷ অনাগত তিনিমাহৰ ভিতৰত দিল্লীৰ ১৪০ কিলোমিটাৰ ৰেল লাইনৰ কাষত বস্তি অঞ্চলৰ প্ৰায় ৪৮,০০০ জুপুৰীক উচ্ছেদ কৰিব ৷ লগতে উচ্চতম ন্যায়ালয়ে কয় যে এই জুপুৰিসমূহৰ ক্ষেত্ৰত যাতে কোনো আদালতে কোনো ৰায় নিদিয়ে । আনহাতে এই শুনানি দিছে ন্যায়াধীশ অৰুণ মিশ্ৰা বিচাৰপীঠে ৷

ভাৰতীয় ৰেল বিভাগে উচ্চতম ন্যায়ালয়ক কৈছিল যে দিল্লী এনচিআৰত থকা ১৪০ কিলোমিটাৰ দীঘলীয়া ৰেল লাইনত থকা জুপুৰিসমূহে যিকোনো সময়ত বিপদৰ সৃষ্টি কৰিব পাৰে । ইয়াত প্ৰায় ৪৮,০০০ জুপুৰী আছে । ভাৰতীয় ৰেল বিভাগে ২০১৮ ৰ অক্টোবৰৰত এই জুপুৰীসমূহক উচ্চেদ কৰিবলৈ এক বিশেষ টাস্ক ফৰ্চ গঠন কৰিছিল ।

কিন্তু ৰাজনৈতিক নেতাৰ হস্তক্ষেপৰ কাৰণে ৰেলৰ কাষত থকা এই জুপুৰীসমূহ উচ্ছেদ কৰাত বিফল হয় বিভাগটো । উচ্চতম ন্যায়ালয়ে লগতে কয় যে এই বস্তিসমূহ উচ্ছেদ কৰাৰ ক্ষেত্ৰত পৰ্যায়ক্ৰমে সিদ্ধান্ত লোৱা হ’ব ৷ আৰু এই উচ্ছেদ সম্পূৰ্ণ হ’ব তিনিমাহত ।

উচ্চতম ন্যায়ালয়ে কঠোৰভাৱে আদেশ দি কয় যে ৰেল লাইন কাষৰ পৰা এই বস্তিক উচ্চেদ কৰাৰ ক্ষেত্ৰত কোনো ৰাজনৈতিক নেতাৰ হস্তক্ষেপ সহ্য কৰা নহ’ব ৷

Exit mobile version