পাঁচ বছৰৰ পাছত পুনৰ প্ৰকাশিত হ’ব হজৰত মহম্মদৰ কাৰ্টুন

Screenshot 48

হজৰত মহম্মদৰ ব্যংগচিত্ৰ প্ৰকাশৰ বাবে ফ্ৰান্সৰ জনপ্ৰিয় কাৰ্টুন আলোচনী ‘চাৰ্লিএবদো’ আলোচনীখনে পাঁচ বছৰৰ পূৰ্বে ভয়ানক সন্ত্ৰাসবাদী আক্ৰমণৰ বলি হ’বলগীয়া হৈছিল । এতিয়া সেই ভয়ানক স্মৃতি আঁতৰাই থৈ ফৰাচী আলোচনীখনে নিজস্ব পদ্ধতিৰেই সন্ত্ৰাসবাদৰ বিৰুদ্ধে থিয় দিব ।আলোচনীখনৰ কৰ্তৃপক্ষই এই কথা সদৰী কৰিছে । চলিত সপ্তাহৰ পৰাই তেওঁলোকে পুনৰ ইছলাম ধৰ্মৰ প্ৰৱৰ্তক মহম্মদৰ কাৰ্টুন চিত্ৰ প্ৰকাশ কৰিব ।

ফৰাচী ‘চাৰ্লি এবদো’ৰ কৰ্ণধাৰ লৰেন ৰিচে কয় যে এয়াই হ’ব সন্ত্ৰাসবাদৰ বিৰুদ্ধে উভতি থিয় দিয়াৰ প্ৰকৃত পথ । ২০১৫ ৰ জানুৱাৰীত আলোচনীখনত হজৰত মহম্মদৰ ব্যংগচিত্ৰ প্ৰকাশৰ অভিযোগত সৰৱ হৈছিল ইছলামধৰ্মী লোকসকল । সেই অভিযোগতে ২০১৫ৰ সাত জানুৱাৰীত আলোচনীখনৰ পেৰিছৰ কাৰ্যালয়ত প্ৰৱেশ কৰি দুজন সন্ত্ৰাসবাদীয়ে নিৰ্বিচাৰ গুলিচালনা কৰাত ১২ জন লোক নিহত হৈছিল । নিহতসকলৰ ভিতৰত আছিল জনপ্ৰিয় কাৰ্টুনিষ্ট্ কেবু‍্যও ।

এই ষড়যন্ত্ৰত জড়িত থকাৰ অভিযোগত আৰক্ষীয়ে তদন্ত কৰি ১৪ জনক গ্ৰেপ্তাৰ কৰে । সেই গোচৰৰ বিচাৰ প্ৰক্ৰিয়া অব্যাহত আছে । পৰৱৰ্তী কিছু সপ্তাহলৈ আলোচনী খনত কেবু‍্যৱে অংকন কৰা বিভিন্ন ব্যংগ চিত্ৰ প্ৰকাশ কৰা হ’ব আৰু সেইবোৰ কাৰ্টুন হ’ব মহম্মদৰে ।

২০১৫চনত কাৰ্যালয়ত হোৱা ভয়াৱহ সন্ত্ৰাসবাদী আক্ৰমণত ‘চাৰ্লি এবদো’ৰ জনপ্ৰিয়তা আৰু আলোচনীখনৰ প্ৰতি সমৰ্থনো কে’বাগুণে বৃদ্ধি পায় । আলোচনী খনৰ তৰফৰ পৰা জনোৱা হয় যে তেওঁলোকলৈ মহম্মদৰ কাৰ্টুন পুনঃপ্ৰকাশৰ বাবে অনেক অনুৰোধ আহিছিল । কিন্তু গোচৰ চলি থকাৰ বাবে তেতিয়া সেইবোৰ প্ৰকাশ কৰা নাছিল ।

Exit mobile version