কৰ’নাৰ মহামাৰীৰ সময়ত চৰকাৰৰ দুৰ্গোৎসৱ উদযাপন কৰাৰ সিদ্ধান্তক তীব্ৰ বিৰোধ আলফাৰ

paresh baruah

ৰাজ্যত কৰ’নাৰ আতংকৰ মাজতে চৰকাৰে শাৰদীয় দূৰ্গোৎসৱ আয়োজনৰ আঁচনি গ্ৰহণ কৰাক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে আলফা স্বাধীনে৷ এক প্ৰেছ বিবৃতি  যোগে চৰকাৰৰ এই সিদ্ধান্তৰ তীব্ৰ বিৰোধিতা কৰিছে নিষিদ্ধ ঘোষিত সংগঠন আলফাই৷

সংগঠনটোৱে এক প্ৰেছ বিজ্ঞপ্তি যোগে কয় যে- পুতলা চৰকাৰখনে অবৈজ্ঞানিক পদক্ষেপৰ বাবে কৰ’নাই ৰাইজৰ মাজত সংক্ৰমণৰ ৰূপ লোৱাৰ সময়তে অসমৰ তথাকথিত চৰকাৰে দুৰ্গাপূজা উদযাপন কৰিবলৈ আঁচনিক আলফাই তীব্ৰ বিৰোধিতা কৰিছে।

লগতে সংগঠনটোৱে চৰকাৰক প্ৰশ্ন কৰে যে অসমৰ জাতীয় উৎসৱ ৰঙালী বিহুক বৰ্জন কৰিবলৈ আহ্বান জনোৱা চৰকাৰে কি যুক্তিক দূৰ্গা পুজা আয়োজনৰ কাৰণে অনুমতি দিছে ৷ইপিনে প্ৰধানমন্ত্ৰী মোদীক সন্তুষ্ট কৰিবলৈ চৰকাৰে লোৱা জন বিৰোধী কাৰ্যকলাপক ধিক্কাৰ দিয়ে সংযুক্ত মুক্তি বাহিনী অসম অৰ্থাৎ আলফাই।

Exit mobile version