নিবনুৱাক নিযুক্তিৰ ক্ষেত্ৰত চৰকাৰে প্ৰতাৰণা কৰিছেঃ অসম প্ৰদেশ যুৱ কংগ্ৰেছ

144101 congress logo

ৰাজীৱ ভৱনত অসম প্ৰদেশ যুৱ কংগ্ৰেছৰ “সংস্থাপন দিয়ক”শীৰ্ষক ডিজিটেল কাৰ্যসূচী

২০১৪ ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বাধীন চৰকাৰ গঠন হয় ।ৰাজ্যত হোৱা বিজেপি চৰকাৰে নিবনুৱা সমস্যাৰ ৰোডমেপ দিবলৈ বিফল হৈছে ।

সৰ্বানন্দ আৰু হিমন্ত বিশ্ব শৰ্মাই সকলো সমস্যাৰ সমাধান কৰিব বুলি কৈছিল। বছৰত ২০ লাখ চাকৰি দিয়াৰ কথা কৈছিল।

ঠিক তেনেদৰে নৰেন্দ্ৰ মোদী চৰকাৰে ২ কোটি চাকৰি দিয়াৰ কথা আছিল ৷ কিন্তু অসমত তেওঁলোকে ১২ হাজাৰো নিযুক্তি দিয়া নাই ।

যিখন চৰকাৰে নিবনুৱাক সংস্থাপন দিয়াৰ আশ্বাসেৰে শাসনলৈ আহিছিল ৷সেইখন চৰকাৰ বৃহৎ বৃহৎ নেতাসকলে কৃষক,নিবনুৱাৰ মাত নুশুনে ।

আজিৰ আৰ্থিকস্থিতিয়ে চৰকাৰৰ বিফলতাক সূচাইছে।

তলাবন্ধৰ ফলত ৰাজ্যত সৰু সৰু পাছলি ব্যৱসায়ী,থিয়েটাৰ পাৰ্টি আদিৰ যি বিস্তৰ ক্ষতি হ’ল সেয়া দুৰ্ভাগ্যজনক ।

তলাবন্ধৰ কাৰণে যি আৰ্থিক ক্ষতি হৈছে ৷সেয়া অৰুণোদই আচনিৰ অধীনত চৰকাৰে দিয়া ৮৩০ টকা একোৱেই নহয় ।

অসম প্ৰদেশ যুৱ কংগ্ৰেছৰ এই অনুষ্ঠানত আব্দুল খালেক,ৰকিবুল হুছেইন ৰিপুণ বৰাৰ লগতে আন বহু গণ্য মান্য ব্যক্তি উপস্থিত আছিল ।

Exit mobile version