বজালীৰ ভালুকীত পোহৰলৈ আহিছে দুটাকৈ আহোমৰ দিনীয়া ঐতিহ্য

34312abc 4a88 427f b7f9 be7717b974f9

আহোম দিনৰ অথবা ঐতিহাসিক বিভিন্ন ঘটনা আৰু সম্পদৰ সৈতে জড়িত অসমৰ এক অন্যতম গুৰুত্বপূৰ্ণ ক্ষেত্ৰ হৈছে বজালী ৷ আহোম দিনীয়া ঐতিহ্য বহনকাৰী বজালীত শেহতীয়া কৈ দুখন বিশেষ ধৰ্মীয় ক্ষেত্ৰই বজালী জিলা প্ৰেছ গীল্ডৰ তৎপৰতাত চৰ্চাৰ বিষয় হৈ পৰিছে ৷ বজালীৰ পাটাছাৰকুছি থানাৰ অন্তৰ্গত ভালুকী গাঁৱত থকা সেই বিশেষ দুই ধৰ্মীয় ঐতিহ্য হৈছে সোতৰশ শতিকাত শিৱসিংহৰ দিনত দামোদৰ দেৱে স্থাপন কৰা দামোদৰদেৱ সংহতি সত্ৰ আৰু বৰৰাণী ফুলেশ্বৰীয়ে সোতৰশ শতিকাত স্থাপন কৰা ঐতিহাসিক কালী মন্দিৰ ৷

উল্লেখযোগ্য যে বজালীৰ ভিন্ন প্ৰান্তত অাজিও লুকাই অাছে আহোম দিনৰ বহু ঐতিহ্য ৷পুৰণি কলীয়া আহোম স্বৰ্গদেউ অাৰু দামোদৰদেৱে নিজে প্ৰতিষ্ঠা কৰা ভালুকীৰ দামোদৰীয়া ব্ৰহ্ম সংহতিৰ সত্ৰখন আজি কিন্তু নাম মাত্ৰ ঠিয় হৈ নিজৰ ঐতিহ্য কোনোমতে জীয়াই ৰাখিছে৷অৱহেলিত এই সত্ৰখনৰ বৰ্তমানৰ অৱস্থা দেখিলে দুখ লাগিব পুৰণিকলীয়া এই সত্ৰৰ বিগ্ৰহত অাজি গছৰ শিপা বগাই এক ধ্বংসাত্মক পৰিৱেশ বিৰাজ কৰিছে ৷

সত্ৰৰ মূল বিগ্ৰহত ফাঁট মেলি গছ গছনি আৰু শিপা বগাই জংঘলত পৰিণত হৈ ভূত বঙলা সদৃশ হৈ পৰিছে সত্ৰখন ৷অবিৰত ভাৱে সত্ৰ খনত সত্ৰাধিকাৰৰ প্ৰচেষ্টাত ধৰ্মীয় পৰম্পৰা বোৰ প্ৰচলিত প্ৰক্ৰিয়াৰে চলি অাছে যদিও চৰকাৰী সাহায্য নোপোৱা সত্ৰখনৰ এনে দৃশ্য হৃদয় বিদাৰক ৷ বহু লোক সত্ৰখনলৈ এতিয়াও আহে যদিও সম্প্ৰতি যেন বজালীবাসীৰ বাবে ই ঐতিহাসিক সত্ৰখন পাহৰণিৰ গৰ্ভত ৷

অৱশ্যে পৰম্পৰাগত ভাৱে সত্ৰখনত সামান্য পৰিমাণে হ’লেও নৈমিত্তিক কৰ্মসমূহ সম্পাদন কৰাৰ বাবে সত্ৰাধিকাৰ নৃপেন্দ্ৰ নাথ গোস্বামীয়ে চেষ্টা অব্যাহত ৰাখিছে ৷ উল্লেখযোগ্য যে শিৱসিংহ মহাৰাজে ১৮ পুৰা মাটি সত্ৰৰ নামত দান দিয়া বুলিও পেৰাকাকতত পোৱা যায়৷সত্ৰত আগতে ভাওনা আদিও কৰা হৈছিল l কিন্তু সত্ৰৰ এনে দুৰাৱস্থা দূৰ কৰিবলৈ এতিয়া সত্ৰাধিকাৰ আৰু স্থানীয় ৰাইজে চৰকাৰক বিনম্ৰ অনুৰোধ জনাইছে৷

আনহাতে বজালীৰ এই ভালুকী গাঁৱতে বিচাৰি পোৱা গৈছে ১৭০০ শতিকাৰ আহোম দিনৰ আন এক ঐতিহ্য ৷ সেয়া হৈছে বৰৰাণী ফুলেশ্বৰীয়ে স্থাপন কৰা এটা কালী মন্দিৰ ৷ বছৰ বছৰ ধৰি উক্ত মন্দিৰটোত স্থানীয় ৰাইজে পূজা অৰ্চনা কৰি আহিছে ৷ মন্দিৰৰ চৌহদত একেলগে এটা মনসা মন্দিৰো আছে৷ মন্দিৰৰ প্ৰবেশ দ্বাৰত লিখা আছে ৰাণী ফুলেশ্বৰীৰ দিনৰ প্ৰাচীন কালী মন্দিৰ ৷

উল্লেখযোগ্য যে কালী মন্দিৰৰ পিছফালে গাতে লাগি আছে এটা পুখুৰী ৷ আনহাতে পুখুৰীৰ পাৰত এজোপা বাঁহৰ গুৰিত পোৱা গৈছে মন্দিৰটোৰ প্ৰাচীন ভগ্নাৱশেষ ৷বিশেষ কৈ পুখুৰীৰ পাৰতে থকা বাঁহজোপাৰ গুৰিতে পুৰণি ঐতিহ্যৰ যি স্বাক্ষৰ পোৱা গৈছে তাক লৈ স্বাভাবিকতে গাঁৱবাসীক যথেষ্ঠ উৎসাহিত হোৱা দেখিবলৈ পোৱা গৈছে ৷ স্থানীয় ৰাইজে জানিবলৈ দিয়া মতে পুখুৰীৰ স্থানতে আছিল পুৰণি মূল মন্দিৰটো আৰু যদিহে উক্ত স্থানত প্ৰত্নতাত্ত্বিক বিভাগে খনন কাৰ্য্য চলাই তেন্তে বহু পুৰণি ঐতিহ্য পোহৰলৈ আহিব বুলি বিশ্বাস আছে ৷

এনে ক্ষণতে উক্ত শ্ৰী শ্ৰী কালী মন্দিৰ পৰিচালনা সমিতিৰ সভাপতি দুৰ্লভ চন্দ্ৰ শৰ্মা আৰু ভালুকীৰ বিশিষ্ট ব্যক্তি তথা মন্দিৰ পৰিচালনা সমিতিৰ উপদেষ্টা পৰেশ দাস আদি য়ে চৰকাৰ তথা প্ৰত্নতত্ত্ব বিভাগক উক্ত স্থানত খনন কাৰ্য্য চলাবলৈ অনুৰোধ জনাইছে ৷

একেলগে পৰিচালনা সমিতিৰ তৰফৰ পৰা উক্ত মন্দিৰ নিৰ্মাণ আৰু সংৰক্ষণৰ বাবে অনুৰোধ জনাই বৰপেটা জিলা উপায়ুক্তৰ পৰা আবেদন যোগে সহায় ভিক্ষা কৰিছে৷ স্বাভাৱিকতে বজালী জিলা প্ৰেছ গীল্ডৰ তৎপৰতাত এনেদৰে অৱহেলিত হৈ থকা আহোম দিনৰ ঐতিহ্য বহনকাৰী দুই ধৰ্মীয় ক্ষেত্ৰ পোহৰলৈ অহাত এতিয়া গাঁওবাসীয়ে চৰকাৰী সহযোগিতাত কিবা এক পৰিৱৰ্তন হৈ দুই ঐতিহ্য ক্ষেত্ৰ সংৰক্ষিত হ’ব বুলি আশাৰে বাট চাইছে ৷

একেলগে যি সময়ত চৰকাৰে পুৰণি সত্ৰ আৰু মন্দিৰসমূহ সংৰক্ষণ কৰাৰ নামত যথেষ্ঠ আৰ্থিক অনুদান আগবঢ়াব বুলি ঘোষণা কৰিছে তেনে ক্ষণতে উক্ত দুই ধৰ্মীয়ক্ষেত্ৰৰ বাবেও চৰকাৰে যাতে সু দৃষ্টি নিক্ষেপ কৰি দুই ঐতিহ্য সংৰক্ষণৰ ক্ষেত্ৰত বিশেষ ব্যৱস্থা গ্ৰহণ কৰে তাৰ বাবে বজালী জিলা প্ৰেছ গীল্ড ৰ সভাপতি ধ্ৰুবজ্যোতি তালুকদাৰ, কাৰ্য্যকৰী সভাপতি ৰাজীব তালুকদাৰ, সম্পাদক গুণজিৎ কলিতা ,জিলা প্ৰেছ গীল্ড ৰ উপদেষ্টা ৰানা ডেকা, মৃদুল তালুকদাৰ, জিতেন তালুকদাৰ, ধৰ্মেশ্বৰ ৰয়, বিশ্বজিৎ গাংগুলী আৰু সাংবাদিক কল্যাণ কলিতাই চৰকাৰক বিনম্ৰ ভাৱে অনুৰোধ জনাইছে ৷

Exit mobile version