বিগ বছ সঞ্চালনাৰ দায়িত্বৰ পাৰিশ্ৰমিক হিচাপে ছলমান খানৰ ৪৫০ কোটি টকা দাবী

salman khan 1584090953

‘বিগ বছ’ত পুনৰ পাৰিশ্ৰমিক বৃদ্ধিৰ বাবে চাপ সৃষ্টি কৰিছে ছলমান খানে ।যোৱাটো বৰ্ষত ‘বিগ বছৰ বাবে বলিউ’দৰ এইজন ‘ভাইজন’ক খণ্ডই প্ৰতি ২০ কোটি টকা আদায় দিয়া হৈছিল।এইবাৰ ইয়াতকৈও কে’বাগুন অধিক পাৰিশ্ৰমিক বৃদ্ধি কৰিবলৈ প্ৰযোজক গোষ্ঠীৰে দৰ-দামত নামি পৰিছে শেহতীয়াকৈ ছ’চিয়েল মিডিয়াত সমালোচিত হোৱা তাৰকাজনে।

অভিনেতাজনে পাৰিশ্ৰমিক হিচাপে পাঁচ-সাতখন ছবিৰ বাবে লাভ কৰা ধন এতিয়া ‘বিগ বছ’ৰ পৰাই দাবী কৰিছে বুলি মায়ানগৰীত চৰ্চিত হৈছে।পূৰ্বতে খণ্ডই প্ৰতি ১৫ কোটি তথা যোৱাটো বৰ্ষত এই পাৰিশ্ৰমিক ২০কোটি টকালৈ বৃদ্ধি কৰা হৈছিল।এতিয়া নতুন দাবী অনুসৰি প্ৰায় ৪৫০ কোটি টকাৰ অধিকাৰী হ’বলৈ আগবাঢ়িছে ছলমান ।পূৰ্বৰ ছিজনবিলাকত মুঠতে লাভ কৰিছিল ২৫০ কোটিকৈ টকা ।

অৱশ্যে প্ৰযোজক গোষ্ঠীৰ তৰফৰ পৰা এই সন্দৰ্ভত কোনো কথা সদৰী কৰা হোৱা নাই ।সম্প্ৰতি প্ৰতিখন ছবিৰ বাবে ছলমানে৪০-৫০ কোটি টকা পাৰিশ্ৰমিক হিচাপে লৈ আছে ।একমাত্ৰ ‘বিগ বছ’ ৰ মাধ্যমতে তেওঁ এতিয়া ছয় -সাতখন ছবিৰ পাৰিশ্ৰমিক একাত্মভাৱে লাভ কৰিবলৈ গৈ আছে ।

Exit mobile version