বিটিআৰ চুক্তিৰ চৰ্চাৰ মাজতে শনিবাৰে বড়ো মাধ্যমৰ পৃথক শিক্ষা সঞ্চালকালয় মুকলি হ’বঃ ৰণ গৌৰা নাৰ্জাৰী

d54f7ff8 80ae 4629 af3b 9eb5884ecf59 1

বিটিচি চুক্তিৰ পিছত বিগত ১৭ বছৰে বিপিএফে কৰিব নোৱাৰা কাম বিটিআৰ চুক্তি অনুসৰি এতিয়া হ’বলৈ লৈছে । বিটিআৰ চুক্তি অনুসৰি শনিবাৰে বড়ো মাধ্যমৰ পৃথক শিক্ষা সঞ্চালকালয় মুকলি হ’ব। হাগ্ৰামা মহিলাৰী তথা বিপিএফে যিমানেই বিটিআৰ চুক্তিৰ বিৰোধিতা নকৰক কিয় বিটিআৰ চুক্তি অনুসৰি মুকলি হ’ব লগীয়া অনুষ্ঠাত পৰ্যটন তথা জনজাতি কল্যান মন্ত্ৰী চন্দন ব্ৰহ্ম উপস্থিত থাকি প্ৰমাণ দিব যে বিটিআৰত অস্তিত্ব আছে।

তেওঁলোকৰ মিছা অপবাদ নিজেই নিঃশেষ কৰিব। হাগ্ৰামা মহিলাৰীয়ে বিটিআৰ চুক্তিলৈ প্ৰলাপ বকিছে । কাৰণ এতিয়া যে বিটিচিৰ পৰা তেওঁৰ ক্ষমতা যাব সেয়া জানিয়ে তেওঁ এইদৰে প্ৰলাপ কৰি আছে। তেওঁ ভাবিছে বিটিআৰৰ বিৰোধিতা কৰিলেই অবড়ো লোকৰ ভোট পাব কিন্ত ৰাইজ আজি সজাগ।

বিটিআৰত কি আছে সেয়া হাগ্ৰামাই কোৱাৰ আগতে ৰাইজে জানে। বিটিআৰ চুক্তি মতে অহা সকলো শিক্ষানুষ্ঠান,চিকিৎসালয় তথা অন্যান্য জনগোষ্ঠীয়েই উপভোগ কৰিব পাৰিব। বিটিচি চুক্তিৰ পিচত বিগত ১৭ টা বছৰে বিপিএফৰ কে’বাজনো মন্ত্ৰী আছিল অসম চৰকাৰৰ কিন্তু তেওঁলোকে এই দীৰ্ঘ ১৭ টা বছৰে বড়ো মাধ্যমৰ সঞ্চালকালয় কৰাত ব্যাৰ্থ হ’ল। গতিকে এতিয়া ভ্ৰম বকিছে বিপিএফ নেতৃত্বই।

শনিবাৰে সঞ্চালকালয় হোৱাৰ পিচত সমগ্ৰ বিটিআৰৰ বড়ো জনগোষ্ঠীৰ লোকেই বিজয় উৎসৱ কৰিব বিপিএফে সেয়াও প্ৰত্যক্ষ কৰিব পাৰিব বুলি কয় ইউপিপিএলৰ উপ সভাপতি ৰণগৌৰা নাৰ্জাৰীয়ে। বিপিএফে যিহেতু চৰকাৰত আছে সেয়ে বিটিআৰ চুক্তি ৰূপায়ন কৰা তেওঁলোকৰ দায়িত্ব আছিল । সেয়া নকৰি বিৰোধিতাহে কৰিলে।

চলিত বিধান সভা নিৰ্বাচনতে বড়ো-কছাৰী স্বায়ত্ব শাসিত পৰিষদ গঠন কৰাৰ কথা আছিল যদিও বিভাগীয় মন্ত্ৰী চন্দন ব্ৰহ্মৰ ব্যৰ্থতাৰ বাবে নহ’ল। সেয়াও ৰাইজও জানিব পাৰিলে । বিটিআৰৰ বাহিৰৰ বড়োসকল বঞ্চিত হ’ল । জাতি বিৰোধী কাম কৰাৰ বাবে বড়োসকলে বিপিএফক এইবোৰ কাৰণতে জিৰো কৰিহে এৰিব বুলি কয় ৰণগৌৰা নাৰ্জাৰীয়ে ।

পৃথ্বিৰাজ নাৰায়ন দেৱে প্ৰমোদ বড়োৰ বিৰুদ্ধে কৰা সকলো ষড়যন্ত্ৰ ফাদিল হ’ল।তেওঁৰ মিথ্যাচাৰ সকলোৱে গম পালে । তেওঁ অসমৰ সকলো সংবাদ মাধ্যমকো কিনিব বিচাৰিলে । সেয়া সকলোৱে গম পাইছে গতিকে তেওঁৰ বিষয়ে ক’বলগীয়া একো নাই । দুদিন পিচত সকলো তল পৰিব৷ তেওঁৰ কথাত আমি নহয় মাথো কোনেও গুৰুত্ব নিদিয়ে বুলি কয় ইউপিপিএলৰ উপ সভাপতিজনে।

অঞ্জলি দৈমাৰী সন্দৰ্ভতো উপসভাপতি ৰণগৌৰা নাৰ্জাৰীয়ে কয় যে অঞ্জলি দৈমাৰী স্ব বিৰোধী স্থিতিত অটল হৈ আছে । অঞ্জলি দৈমাৰী বাইদেউৰ সংগ্ৰাম এন ডি এফবিৰ সৈতে জড়িত আছিল, অঞ্জলি ভাতৃ ৰঞ্জন দৈমাৰীৰ সৈতে জড়িত । গতিকে সেই সংগ্ৰাম বিটিআৰ চুক্তিৰ জড়িয়তে সুন্দৰকৈ সমাপ্তিৰ পথত। এই চুক্তি ৰূপায়ন কৰাৰ দায়িত্ব তেওঁৰো আছিল । কিন্তু তাকে নকৰি বিটিআৰ চুক্তিৰ বিৰোধিতা কৰা হাগ্ৰামাৰ কাষ চাপিলে অঞ্জলি দৈমাৰীয়ে।

আজিৰ তাৰিখত হাগ্ৰামাৰে মিলি অঞ্জলি দৈমাৰীয়েও বিটিআৰৰ বিৰোধিতা কৰাহে পৰিলক্ষিত হ’ল । সংগ্ৰাম কৰিলে এটা বিষয় লৈ আৰু জড়িত হ’ল আন বিষয়তহে। এই কথাবোৰ বড়ো ৰাইজে গম পায় সকলো। অৱশ্যে আমি আগৰে পৰাই জানিছিলো অঞ্জলি দৈমাৰী বিপিএফৰ সৈতে গোপনে জড়িত আছিল আজি মুকলি ভাৱে আহিছে তাত আমাৰ ক’বলগীয়া একো নাই । কাৰণ সকলোৰে নিজা নিজা ৰাজনৈতিক অধিকাৰ আছে বুলিও কয় ৰণগৌৰা নাৰ্জাৰীয়ে ।

Exit mobile version