কৰ’না জটিল, তলাবন্ধ শিথিল

Coronavirus 1

কৰ’নাৰ দ্ৰুত সংক্ৰমণে ৰাজ্যৰ পৰিস্থিতি জটিলৰ পৰা জটিলতৰ কৰি তোলাৰ সময়তে নৈশ সান্ধ্য আইনৰ লগতে সাপ্তাহিক তলাবন্ধও প্ৰত্যাহাৰৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৰাজ্য চৰকাৰে । চতুৰ্থ পৰ্যায়ৰ তলাবন্ধ শিথিলকৰণ সম্পৰ্কত যোৱা ২৯ আগষ্টত কেন্দ্ৰীয় চৰকাৰে জাৰি কৰা নিৰ্দেশনাৰ আধাৰত ৰাজ্য চৰকাৰৰ মুখ্য সচিব কুমাৰ সঞ্জয় কৃষ্ণই শুক্ৰবাৰে এই সম্পৰ্কত এক নিৰ্দেশনা জাৰি কৰে । ফলত আজিৰে পৰা ৰাজ্যত বলবৎ নহ’ব নৈশ সান্ধ্য আইন।

লগতে কৰ’নাৰ সংক্ৰমণৰ উদ্দেশ্যে প্রতি সপ্তাহৰ শনি আৰু দেওবাৰে অব্যাহত থকা তলাবন্ধও প্ৰত্যাহাৰ কৰা হৈছে। এতিয়াৰে পৰা প্রতিজন লোকে কৰ’নাৰ পৰা নিজকে সুৰক্ষিত কৰিব লাগিব । দিছপুৰৰ সূত্ৰত প্ৰকাশ যে কৰ’নাৰ সংক্ৰমণ প্ৰতিৰোধৰ উদ্দেশ্যে ইতিপূৰ্বে ঘোষণা কৰা তলাবন্ধৰ নীতি নিৰ্দেশনা পৰ্যায়ক্ৰমে শিথিলকৰণৰ পাছত এইবাৰ সাপ্তাহিক তলাবন্ধ আৰু সন্ধ্যআইন সম্পূৰ্ণৰূপে প্ৰত্যাহাৰ কৰে চৰকাৰে।

দীঘলীয়া তলাবন্ধত ৰাজ্যৰ অৰ্থনীতি বিধ্বস্ত হৈ পৰা বশ্যতা স্বীকাৰ কৰি কৰ’নাৰ ভয়াবহতাৰ মাজতো ক’ভিড সম্পর্কীয় যুঁজখন ৰাইজৰ ওপৰতে ন্যস্ত কৰিছে চৰকাৰে। এতিয়াৰে পৰা ৰাজ্যবাসীক নিজৰ সুৰক্ষা নিজে লোৱাৰ বাবে ৰাজ্য চৰকাৰৰ মুখ্য সচিব কুমাৰ সঞ্জয় কৃষ্ণই টুইটাৰ যোগে আহ্বান জনাই দায়িত্ব সামৰে। আৰু লগতে আনলক ৪ ৰ কেতবোৰ নীতি নিয়ম পালন কৰিবলৈ আহ্বান জনায় । কৰ’না পৰিস্থিতিয়ে জটিলতাৰ ৰূপ ধাৰণ কৰাৰ সময়তে এনে শিথিলতাই ৰাজ্যখনক কোন দিশে লৈ যাব সেয়া লক্ষ্যণীয় হ’ব ।

আনহাতে, ৰাজ্যত কৰ’নাই ধাৰণ কৰিছে ভয়াবহ ৰূপ। দৈনিক আক্ৰান্তৰ সংখ্যা উদ্বেগজনকভাৱে বৃদ্ধি হোৱাৰ লগতে শেহতীয়াভাৱে মৃত্যুৰ ঊৰ্ধমুখী গতিয়ে ভয়ংকৰ ৰূপ লৈছে । মৃত্যুৰ গ্রাসত পৰিছে শিশুৰ পৰা বয়স্কলৈকে বিভিন্ন বয়সৰ লোক। সমাজৰ সকলো স্তৰৰ লোক এই ভয়াবহ মৃত্যুৰ গৰাহত পৰিছে।

ৰাজ্যত যোৱাকালি কৰ’নাত প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে মৃত্যু সৰ্বাধিক লোকৰ। চিকিৎসকৰ পৰা আৰম্ভ কৰি অধ্যাপক, ব্যৱসায়ী, শিক্ষক আৰু গোৱালপাৰাৰ এটি তিনিবছৰীয়া শিশুকে ধৰি ২০জন আক্ৰান্তৰ মৃত্যু হোৱাৰ তথ্য পোহৰলৈ আহে ।

Exit mobile version