খাদ্য সংকোচনৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ নতুন নীতি

3 36

কৰ’না পৰিস্থিতিয়ে দেশৰ ৰাজকোষৰ ওপৰতো মাধমাৰ শোধাইছে, ফলত কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰিছে ব্যয় সংকোচন নীতি । অগ্ৰাধিকাৰ আঁচনিৰ বাবে চৰকাৰে ৰাজহ জমা কৰি ৰাখিব বিচাৰিছে। এই উদ্দেশ্যে দেশৰ বিত্ত মন্ত্ৰণালয়ে ব্যয় ব্যৱস্থাপনাৰ এক বিতং তালিকা প্ৰকাশ কৰিছে । সাম্প্ৰতিক বিত্তীয় পৰিস্থিতি আৰু তাৰ পাছত চৰকাৰী ৰাজহৰ ওপৰত বৰ্ধিত চাপৰ পৰিপ্ৰেক্ষিতত কেন্দ্ৰীয় চৰকাৰে অগ্ৰাধিকাৰ নথকা আঁচনিৰ ক্ষেত্ৰত ব্যয় সংকোচন কৰিব বিচৰা বুলি বিত্ত মন্ত্ৰণালয়ে এক বিবৃতিত উল্লেখ কৰিছে।

ADVERTISEMENT

কৰ’না মহামাৰীয়ে কেন্দ্ৰীয় চৰকাৰৰ ৰাজহত অতি বেয়াকৈ ক্ষতিগ্ৰস্ত কৰিছে। জুনত প্ৰকাশ পোৱা ত্ৰিমাসিক অৰ্থনৈতিক খতিয়ানত ভাৰতৰ অৰ্থনীতি ২৩.৯ শতাংশলৈ সংকুচিত হৈছে। কেন্দ্ৰীয় সচিব অজয় ভূষণ পাণ্ডেই প্ৰকাশ কৰা মতে, জি এছ টি ৰ সংগ্ৰহত এইবাৰ ২.৩৫ লাখ কোটিৰ ঘাটি হ’ব। মুঠ ঘাটিৰ ভিতৰত ৯৭ হেজাৰ কোটি ঘাটি জি এছ টিৰ আৰু বাকীখিনি ক’ভিড-১৯ ৰ বিভীষিকাৰ বাবে।

আনহাতে, বিত্ত মন্ত্ৰণালয়ৰ বিবৃতি অনুসৰি সকলো মন্ত্ৰণালয়,বিভাগ আৰু তলতীয়া কাৰ্যালয় আৰু স্বায়ত্তশাসিত পৰিষদ সকলোৱে প্ৰশাসনিক ব্যয়ৰ হ্রাসৰ নিৰ্দেশনাৱলী মানি চলিব লাগিব। যদিহে অতি প্ৰয়োজনীয় অনুভৱ হয় তেন্তে ব্যয় সংকোচন কৰিবলৈ নিৰ্দেশ দিছে কেন্দ্ৰই।

Exit mobile version