চিৰাঙত হাতী দাঁতৰ সৈতে বন্দুক সহ এজনক গ্ৰেপ্তাৰ

WhatsApp Image 2020 09 05 at 8.21.59 PM

চিৰাং জিলাৰ ৰুণীখাটা থানাৰ অধীনৰ লাওপানী আশ্ৰাবাৰী গাঁৱত আজি বিয়লি চিৰাঙৰ বন বিভাগে এক অভিযান চলাই এজন চোৰাং চিকাৰীক গ্ৰেপ্তাৰ কৰাৰ লগতে চিকাৰীটোৰ পৰা এটা বন্দুক জব্দ কৰে । বন বিভাগৰ অভিযানত ডাফলা ওৰফে উত্তম নাৰ্জাৰী (৩০) নামৰ চোৰাং চিকাৰীজনক গাঁওবাসী ৰাইজৰ সহযোগত গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় বন বিভাগে ।

চিৰাং বন সংমণ্ডল প্ৰাধিকাৰী ব্ৰহ্মানন্দ পাতিৰিয়ে জানিবলৈ দিয়া মতে, বিগত ৫ আগষ্টত জিলা খনৰ ভাৰত ভূটান সীমান্তৰ লাইমুতি এলেকাৰ জয় বাংলা গাঁৱৰ পৰা দুটা হাতী দাঁতৰ লগতে গ্ৰেপ্তাৰ হোৱা চোৰাং চিকাৰী  জীৱেশ্বৰ বসুমতাৰীৰ স্বীকাৰোক্তি ভিত্তিত উত্তম নাৰ্জাৰীক বন্দুক সহ গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় । কিছুদিন পূৰ্বেও চাৰিটাকৈ হাতীদাঁতৰ লগতে দুজনকৈ চোৰাং হাতী দাতৰ ব্যৱসায়ীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছিল আৰক্ষী আৰু বন বিভাগ । উল্লেখ্য যে শেহতীয়াকৈ চিৰাং জিলাত হাতী দাঁতৰ চোৰাং ব্যৱসায়ীয়ে বাহৰ পাতি লোৱা পৰিলক্ষিত হৈছে । দুদিন পূৰ্বেও জিলাখনৰ ভাৰত-ভূটান সীমান্তত গুলিবিদ্ধ মৃত হাতী উদ্ধাৰ হৈছিল ।

 

Exit mobile version