বাবৰি মছজিদৰ সমান আকাৰৰ মছজিদো স্থাপন কৰা হ’ব অযোধ্যাত : হুছেইন

ayodhyaptiq

অযোধ্যাৰ ধন্নীপুৰত নিৰ্মাণ হ’ব বাবৰি মছজিদৰ সমান আকাৰৰ মছজিদ।ৰামমন্দিৰৰ আধাৰশিলা স্থাপনৰ পাছতেই মছজিদৰ নিৰ্মাণ কাৰ্যও অতি শীৰ্ঘ্ৰে আৰম্ভ হ’ব অযোধ্যাত । উত্তৰ প্ৰদেশ চৰকাৰে মছজিদ নিৰ্মাণৰ বাবে’ ছুন্নী চেণ্ট্ৰেল ৱ’ৰ্কফ ব’ৰ্ডক’ ৫একৰ ভূমি দান কৰিছিল । তাৰে ১৫ হেজাৰ বৰ্গ ফুট ভূমিত স্থাপন এই মছজিদ । মছজিদৰ সমান্তৰালকৈ পুথিভঁৰাল, ৰান্ধনীঘৰ, সংগ্ৰহালয়, চিকিৎসালয় স্থাপন কৰা হ’ব ।

এই সন্দৰ্ভত জনালে ‘ইণ্ডো ইছলামিক কালচাৰ ফাউণ্ডেচনৰ ‘সচিব অতহৰ হুছেইনে। জামিয়া মিলিয়া ইছলামিয়া বিশ্ববিদ্যালয়ৰ অধ্যাপক এছ এম আখটাৰে এই মছজিদৰ নক্সা প্ৰস্তুত কৰিব । আখটাৰে কয়, ‘সম্পূৰ্ণ ভাৰতীয় সংস্কৃতিৰ লগতে ইছলামিক ভাৱনাৰ অনুৰূপ হ’ব । মানৱতাৰ সেৱা কৰাই এই পৰিসৰৰ উদ্দেশ্য । ভাৰতীয় লোকাচাৰৰ লগতে ইছলামিক ভাৱনাক একাত্ম কৰা হ’ব ।’

মছজিদৰ কাষতে হস্পিতালকে ধৰি অন্যান্য সা -সুবিধা উপলব্ধ হোৱাকৈ তেওঁ নক্সা পৰিকল্পনা কৰিছে । উল্লেখ্য যে ১৯৯২ চনত অযোধ্যাত বাবৰি মছজিদ ধ্বংস কৰি দিয়া হৈছিল। দীৰ্ঘদিন ধৰি চলা বিবাদৰ অন্তত উচ্চতম ন্যায়ালয়ে অযোধ্যাত ৰামমন্দিৰ নিৰ্মাণৰ বাবে ৰায় দিলে । লগতে মছজিদ নিৰ্মাণৰ বাবে ৫একৰ ভূমি দান দিবলৈ কেন্দ্ৰক নিৰ্দেশ দিছিল।

Exit mobile version