শিক্ষক দিৱসৰ দিনটোতে নলবাৰীত কৰ’নাত আক্ৰান্ত হৈ শিক্ষকৰ মৃত্যু

123597 coronavirus 2

নলবাৰীত আজি শিক্ষক দিৱসৰ দিনটোতে বিদ্যাপীঠ এম ই স্কুলৰ হিন্দী বিষয়ৰ সহকাৰী শিক্ষক আব্দুছ চুভান খানে মৃত্যুক সাৱটি ল’বলগীয়া হয়। হৃদৰোগত আক্ৰান্ত খানক যোৱা ১৪ আগষ্টত জি এন আৰ চিত ভৰ্তি কৰোৱা হৈছিল যদিও সুস্থ হৈ নুঠাত জি এম চি এইচত ভৰ্তি কৰোৱা হয়। জি এম চি এইচত ভৰ্তি কৰোৱাৰ পাছতে কৰ’নাৰ পৰীক্ষাৰ ফলাফলত পজিটিভ ধৰা পৰে।

ইয়াৰ পৰৱৰ্তী সময়ত শিক্ষকগৰাকীৰ স্বাস্থ্যৰ অধিক অৱনতি ঘটাত আই চি ইউ মত ভৰ্তি কৰোৱা হয় যদিও নিয়তিৰ ওচৰত হাৰ মানে শিক্ষকগৰাকীয়ে। পিছত মৃতদেহটো আঠগাঁওৰ কবৰস্থানত সৎকাৰ কৰা হয় । শিক্ষকগৰাকীৰ এনে আকস্মিক মৃত্যুৰ খবৰে মৰ্মাহত কৰি তুলিছে খাতিকুছি,সোণকুৰিহা অঞ্চলৰ ৰাইজক ম লক্ষ্যণীয়ভাৱে আজি শিক্ষক দিৱসৰ দিনটোত শিক্ষক গৰাকীৰ অনুপস্থিতি বাৰুকৈয়ে অনুভৱ কৰিছে সতীৰ্থ শিক্ষক-শিক্ষয়িত্ৰীসকলেও।

Exit mobile version