৪০ লাখৰ সীমা অতিক্ৰমেৰে সৰ্ব্বোচ্চ কৰ’নাত আক্ৰান্ত দেশৰ তালিকাৰ শীৰ্ষ তৃতীয় স্থানত ভাৰত

examining coronavirus covid 19 medical samples on kits novel corona picture id1213671473

কৰ’নাত সৰ্ব্বোচ্চ আক্ৰান্ত হোৱা দেশৰ তালিকাত তৃতীয় স্থানত আছে ভাৰত । কেন্দ্ৰীয় মন্ত্ৰণালয়ে সদৰী কৰা তথ্য অনুসৰি আজি পৰ্যন্ত নতুনকৈ ৮৬,৪৩২ জন কৰ’নাত আক্ৰান্ত হোৱাৰ পাছত ভাৰতে ৪০ লাখৰ সীমা অতিক্ৰম কৰে। বিগত ২৪ ঘণ্টাত ভাৰতত পুনৰ ১,০৮৯ জন আক্ৰান্ত ৰোগী মৃত্যু হোৱাৰ পিছত মৃতকৰ সংখ্যা হয়গৈ মুঠ ৬৯,৫৬১ জন । আৰু সুস্থতাৰ হাৰ হয়গৈ ৭৭.২% ।

চাওঁ আহক দেশত কৰ’না ভাইৰাছৰ কিছু তথ্য

◆ কৰ’না আক্ৰান্তৰ সংখ্যা ৪০ লাখৰ সীমা অতিক্ৰম কৰি ভাৰত বিশ্বৰ সৰ্ব্বোচ্চ আক্ৰান্তৰ দেশৰ তালিকাত আছে তৃতীয় স্থানত । আমেৰিকা আৰু ব্ৰাজিলৰ তুলনাত দ্ৰুতগতিত ভাৰতে কেৱল ১৩ দিনত ৩০ লাখৰ পৰা ৪০ লাখৰ সীমা অতিক্ৰম কৰিছে।
◆ মহাৰাষ্ট্ৰ, অন্ধ্ৰ প্ৰদেশ, কৰ্ণাটক, তামিলনাডু আৰু উত্তৰপ্ৰদেশ এই পাঁচখন ৰাজ্যত বিগত২৪ ঘণ্টাত সকলোতকৈ অধিক আক্ৰান্ত হৈছে।
◆ এই ৰাজ্যকেইখনৰ ১৫ খন জিলাত বিগত চাৰি সপ্তাহত ক’ভিড১৯ ভাইৰাছে অধিক হাৰত সংক্ৰমিত হৈ মাৰাত্মক ৰূপ ধাৰণ কৰিছে।
◆ আই চি এম আৰে প্ৰত্যেকটো অঞ্চলত প্রতিজন লোককে ৰেপিড এন্টিজেন টেষ্ট কৰিবলৈ নিৰ্দেশ দিছে। আই চি এম আৰৰ নতুন পৰামৰ্শত উল্লেখ যে যদি ৰেপিড এন্টিজেন টেষ্টত কোনো লোকৰ পৰীক্ষাৰ ফলাফল নিগেটিভ আহে, তেন্তে RT-PCR ৰ যোগেদি পুনৰ পৰীক্ষা কৰা উচিত ।
◆ শুক্ৰবাৰে মহাৰাষ্ট্ৰত এদিনত সৰ্ব্বোচ্চ ১৯,২১৮ জন নতুনকৈ সংক্ৰমিত। দেশত দৈনিক আক্ৰান্তৰ মুঠ এক চতুৰ্থাংশ সংক্ৰমিত ৰোগী পশ্চিমীয়া ৰাজ্যসমূহৰ ।
◆ দিল্লীত বৰ্তমান আক্ৰান্তৰ সংখ্যা ১.৮৫ লাখতকৈ অধিক আৰু মৃতকৰ সংখ্যা ৪,৫১৩ জন।
◆ অসমত কৰ’না ভাইৰাছত আক্ৰান্ত হৈ চিকিৎসাধীন অৱস্থাত থকা লোকৰ মৃত্যুৰ সংখ্যা বৃদ্ধি পাইছে। অসমত ১.২১ লাখতকৈ অধিক লোক কৰ’নাত আক্রান্ত হৈছে আৰু ৩০০ তকৈও অধিক লোকৰ মৃত্যু হৈছে।
◆ ভাৰতত ক’ভিড-১৯ ত আক্ৰান্ত ৰোগীৰ ভিতৰত কেৱল ০.৫ শতাংশ ভেন্টিলেটৰত, ২ শতাংশ ৰোগী আই চি ইউত আৰু ৩.৫ শতাংশতকৈ কম ৰোগী অক্সিজেনৰ সহায়ত আছে।
◆ বিশ্বত কৰ’না ভাইৰাছত ২.৫৭ কোটিতকৈ অধিক লোক সংক্ৰমিত হৈছে আৰু প্ৰায় ৮.৬৯ লাখৰ অধিক লোকৰ মৃত্যু হৈছে। বিশ্ব স্বাস্থ্য সংস্থাৰ মতে, আগন্তুক বৰ্ষৰ মাজভাগলৈকে কৰ’না ভাইৰাছৰ প্ৰতিষেধকৰ আশা কৰিব নোৱাৰি।

Exit mobile version