অসমত ঘোষণা কৰা সৰ্ববৃহৎ আঁচনিসমূহক আদৰণি জনাইছে ৰাজ্যিক বিজেপিয়ে

ranjeet das

অসমৰ নিবনুৱা যুৱক যুৱতীসকলৰ স্বাৱলম্বিতাৰ বাবে যুগান্তকাৰী পদক্ষেপ হিচাপে অসম চৰকাৰে গ্ৰহণ কৰিছে স্বয়ম আঁচনি ৷এই সময়োপযোগী পদক্ষেপক ভাৰতীয় জনতা পাৰ্টিয়ে ঐতিহাসিক সিদ্ধান্ত আখ্যা দিছে ।লগতে ভাৰতীয় জনতা পাৰ্টিয়ে যুৱক যুৱতী,চাহ শ্ৰমিক আৰু শৈক্ষিক ঋণ বিচৰা শিক্ষাৰ্থীসকলক সামৰি যি তিনিখন অভিলাষী আঁচনি ৰাজহুৱা কৰিলে সেয়া আদৰণি জনাইছে ভাৰতীয় জনতা পাৰ্টিয়ে।

ভাৰতীয় জনতা পাৰ্টিৰ অসম প্ৰদেশৰ সভাপতি ৰঞ্জিত কুমাৰ দাসে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল আৰু মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক ধন্যবাদ জ্ঞাপন কৰি কয় যে এই আঁচনিৰ জৰিয়তে ভাৰতীয় জনতা পাৰ্টিৰ সৰ্বব্যাপী,সৰ্বস্পশী কল্যানৰ লক্ষ্য প্ৰতিফলিত হৈছে।

আনহাতে ৰাজ্যখনৰ দুই লাখ যুৱক যুৱতীলৈ আত্মসংস্থাপনৰ বাবে ৫০ হাজাৰকৈ আত্মসহায়ক গোটৰ জৰিয়তে আৰ্থিক সাহাৰ্য আগবঢ়োৱা স্বয়ম আঁচনিৰ আত্ম নিৰ্ভৰ অসম গঢ়াৰ ক্ষেত্ৰত মাইলৰ খুঁটি বুলি অভিহিত কৰে ৰঞ্জিত দাসে ৷লগতে ৰঞ্জিত দাসে ৰাজ্যৰ ৰাজকোষৰ ১,০০০ কোটি বৃহৎ পুঁজি ব্যয় সাপেক্ষে এই আঁচনি ৰূপায়ণ ৰাজ্যখনৰ যুৱ সমাজৰ প্ৰতি ভাৰতীয় জনতা পাৰ্টিৰ দায়বদ্ধতাৰ প্ৰতিফলন বুলি কয় ৷

ইপিনে কৰ’না মহামাৰীৰ সময়ত সময়ত আৰ্থিক জটিলতাৰ মুখামুখি হোৱা চাহ জনগোষ্ঠীৰ পৰিয়ালসমূহলৈ বৃহৎ সকাহ আগবঢ়াই জনগোষ্ঠীটোৰ আঠ লাখ লোকৰ একাউণ্টত তিনি হাজাৰ টকাকৈ আগবঢ়াবলৈ সিদ্ধান্ত লয়।

ইয়াৰ লগতে,উচ্চ শিক্ষাৰ বাবে ঋণ গ্ৰহণ কৰা শিক্ষাৰ্থীসকললৈ ৫০ হাজাৰ টকাকৈ আৰ্থিক সাহাৰ্য্য আগবঢ়োৱাৰ সিদ্ধান্তই শিক্ষাৰ্থীসকলক প্ৰেৰণা যোগাব বুলি মন্তব্য কৰে ৰঞ্জিত দাসে।

Exit mobile version