কৰ’নাৰ ভয়াবহতা

d 2

সমগ্ৰ বিশ্বত কৰ’নাই মহামাৰীৰ ৰূপ ধাৰণ কৰিছে । কৰ’নাই বিশ্বৰ নেতা, পালিনেতা, ধনী, দুখীয়া, শিশু, বৃদ্ধ একোৱেই বিচাৰ নকৰে । ইয়াৰ মাজতে ৰাঁচীত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা ৷

মাত্ৰ ১৪ দিনীয়া এটি কন্যা শিশু ক’ভিড-১৯ত আক্ৰান্ত হোৱাৰ পিছত চিকিৎসালয়তেই এৰি থৈ গ’ল পিতৃ-মাতৃয়ে । এই মন্তব্য কৰিছে ৰাঁচীৰ চৰকাৰী চিকিৎসালয়ৰ কৰ্তৃপক্ষই ।লগত শিশুটিৰ পিতৃ-মাতৃৰ নম্বৰো এতিয়া সংযোগৰ সীমাৰ বাহিৰত বুলি জানিব পৰা গৈছে।

আনহাতে ক’ভিড-১৯ত আক্ৰান্ত হোৱা শিশুটি Necrotizing Enterocolitis নামৰ অসুখত ভূগি আছে । গতিকে অনতিপলমে শিশুটিৰ অস্ত্ৰোপচাৰ কৰিবলৈ পিতৃ-মাতৃৰ চহী লাগে ৷ শিশুটিক অভিভাৱকে ২৯ আগষ্টত ৰাজেন্দ্ৰ ইনষ্টিটিউটত অফ মেডিকেল চায়েঞ্চ (RIMS) নামৰ চিকিৎসালয়খনলৈ আনিছিল । চিকিৎসকৰ মতে শিশুটিৰ অস্ত্ৰোপচাৰৰ আগত ক’ভিড-১৯ পৰীক্ষা কৰাৰ পিছত শিশুটি মাৰাত্মক ভাইৰাছত আক্ৰান্ত হয় ৷

RIMSৰ অস্ত্ৰোপচাৰ বিভাগৰ চিকিৎসক ড° অভিষেক ৰঞ্জনৰ মতে ৩ ছেপ্টেম্বৰৰ প্ৰায় ৭ বজাত শিশুটি কৰ’নাত আক্ৰান্ত বুলি জানিব পৰা যায়। আৰু শিশুটিৰ পিতৃৰ লগত এই সন্দৰ্ভত আলোচনা কৰিবলৈ বিচৰা হৈছিল যদিও তেতিয়াৰ পৰা কোনো শুংসূত্ৰ নাই দুয়োৰে । ইয়াৰ পিছত চিকিৎসালয় কৰ্তৃপক্ষই শিশুটিৰ সকলো কথা  আৰক্ষীক অৱগত কৰে ৷

ড° ৰঞ্জনৰ মতে “শিশুটিৰ পিতৃ-মাতৃয়ে প্ৰথম পাঁচদিনত ভালকৈ যত্ন কৰিছিল যদিও ক’ভিড-১৯ আক্ৰান্ত বুলি জানি অকস্মাতে শিশুটিক এৰি দিয়ে । অৱশ্যে শিশুটিৰ অভিভাৱকে ভৱিষ্যতে তেওঁলোক কৰ’নাত আক্ৰান্ত হোৱাৰ ভয় অথবা তেওঁলোকৰ কোৱাৰেন্টাইনৰ ভয়ো থাকিব পাৰে বুলি NGOক কয় ড° ৰঞ্জনে ৷

আনহাতে শিশুটিৰ চিকিৎসা বৰ্তমানে চলি আছে । চিকিৎসালয়খনৰ কৰ্তৃপক্ষৰ মতে আমি অপেক্ষা কৰিব নোৱাৰো ৷ সেয়েহে চিকিৎসা সম্পৰ্কীয় সকলো কাৰ্যকলাপ শেষ কৰিছো । এই মন্তব্য ড° ৰঞ্জনৰ।

Exit mobile version